/asomiyapratidin/media/media_files/2025/11/14/yhhhd-2025-11-14-17-51-58.jpg)
ডিজিটেল ডেস্কঃ বিহাৰতো চলিল অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ যাদু। বিহাৰ নিৰ্বাচনত অসমৰ পৰা প্ৰচাৰ চলাবলৈ গৈছিল হিমন্ত বিশ্ব শৰ্মা। বিজেপিৰ ষ্টাৰ কেম্পেইনাৰৰ তালিকাত অসমৰ মুখ্যমন্ত্ৰীগৰাকী আছিল অন্যতম। অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰচাৰ চলোৱা ৭টা সমষ্টিৰ ভিতৰত ৬টাতে জয়ী হৈছে বিজেপি।
মুখ্যমন্ত্ৰীয়ে প্ৰচাৰ চলোৱা মধুবানী, বাৰাড়ি, কাছবা, ৰামনগৰ, চানপাতিয়া আৰু বাজপট্টিত বিজেপিৰ প্ৰাৰ্থী জয়ী হৈছে। উল্লেখ্য যে, এতিয়ালৈকে বিহাৰৰ ৩২খন আসনত চূড়ান্ত জয় সাব্যস্ত কৰিছে বিজেপিয়ে। সন্ধিয়া ৬বজালৈকে অহা আপডেট এয়া।
আনফালে বিজেপি ৫৯খন আসনত অগ্ৰগতি লাভ কৰি আছে। নীতিশ কুমাৰৰ জে ডি ইউ ২২আসনত জয়ী হোৱাৰ বিপৰীতে ৬১আসনত অগ্ৰগতি লাভ কৰি আছে। কংগ্ৰেছ ১খন আসনত জয়ী হোৱাৰ বিপৰীতে ৫খন আসনত অগ্ৰগতি লাভ কৰি আছে।
(সন্ধিয়া ৬বজালৈকে আপডেট এয়া)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us