/asomiyapratidin/media/media_files/2025/10/06/bihar-06-2025-10-06-17-21-48.jpg)
ডিজিটেল ডেস্কঃ দেশৰ নিৰ্বাচন আয়োগে আজি ঘোষণা কৰিলে বিহাৰ বিধানসভা নিৰ্বাচনৰ দিন। দিল্লীত এক সংবাদ মেল সম্বোধন কৰি মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰে ঘোষণা কৰে যে বিহাৰৰ মুঠ ২৪৩ খন বিধানসভাৰ আসনৰ বাবে নিৰ্বাচন দুটা পৰ্যায়ত অনুষ্ঠিত হ’ব।
ইয়াৰে প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণ ৬ নৱেম্বৰত আৰু ১১ নৱেম্বৰত দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হ’ব। ১৪ নৱেম্বৰত নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হ’ব।
আয়োগে কয় যে শান্তিপূৰ্ণ আৰু নিকা নিৰ্বাচন নিশ্চিত কৰাৰ বাবে সকলো প্ৰস্তুতি কৰা হৈছে। প্ৰথম পৰ্যায়ত বাক্সাৰ, ভোজপুৰ, পাটনা, নালন্দা, শ্বেখপুৰা, লক্ষীচৰাই, মুংগেৰ, খগড়িয়া, মাধেপুৰা, সাহাৰছা, দৰভংগা, সমস্তীপুৰ, বেগুছৰাই, বৈশালী, মুজাফ্ফৰপুৰ, সাৰণ, ছিৱান, আৰু গোপালগঞ্জকে ধৰি ১৮খন জিলাত ভোটগ্ৰহণ অনুষ্ঠিত হ’ব। বাকী জিলা কেইখনত দ্বিতীয় পৰ্যায়ত হ'ব ভোটগ্ৰহণ।
বিহাৰ বিধানসভা নিৰ্বাচন ২০২৫ ৰ প্ৰথম পৰ্যায়ৰ সূচী
• মুঠ আসন: ১২১ জন
• অধিসূচনাৰ তাৰিখ: ১০ অক্টোবৰ, ২০২৫
• মনোনয়ন দাখিলৰ অন্তিম তাৰিখ: ১৭ অক্টোবৰ, ২০২৫
• মনোনয়ন পৰীক্ষাৰ তাৰিখ: ১৮ অক্টোবৰ, ২০২৫
• মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম তাৰিখ: ২০ অক্টোবৰ, ২০২৫
• ভোটদান: ৬ নৱেম্বৰ, ২০২৫
• নিৰ্বাচনৰ ফলাফল: ১৪ নৱেম্বৰ, ২০২৫
বিহাৰ বিধানসভা নিৰ্বাচন ২০২৫ৰ দ্বিতীয় পৰ্যায়ৰ সূচী
• মুঠ আসন: ১২২ জন
• অধিসূচনাৰ তাৰিখ: ১৩ অক্টোবৰ, ২০২৫
• মনোনয়ন দাখিলৰ অন্তিম তাৰিখ: ২০ অক্টোবৰ, ২০২৫
• মনোনয়ন পৰীক্ষাৰ অন্তিম তাৰিখ: ২১ অক্টোবৰ, ২০২৫
• মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম তাৰিখ: ২৩ অক্টোবৰ, ২০২৫
• ভোটদান: ১১ নৱেম্বৰ, ২০২৫
• নিৰ্বাচনৰ ফলাফল: ১৪ নৱেম্বৰ, ২০২৫