বিহাৰৰ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনঃ ইভিএমত বন্দী হ'ব ১৩০২ গৰাকী প্ৰাৰ্থীৰ ভাগ্য...

আজি বিহাৰ বিধানসভাৰ ১২২টা সমষ্টিত অনুষ্ঠিত হ'ব দ্বিতীয় তথা অন্তিম পৰ্যায়ৰ ভোটগ্রহণ। পুৱা ৭ বজাৰ লগে লগে আৰম্ভ হৈছে ভোটগ্রহণ প্ৰক্ৰিয়া। সন্ধিয়া ৬ বজাত ভোটদানৰ সামৰণি পৰিব। নির্বাচন আয়োগে এই নির্বাচন

author-image
Asomiya Pratidin
New Update
ujjjdd

ডিজিটেল ডেস্কঃ আজি বিহাৰ বিধানসভাৰ ১২২টা সমষ্টিত অনুষ্ঠিত হ'ব দ্বিতীয় তথা অন্তিম পৰ্যায়ৰ ভোটগ্রহণ। পুৱা ৭ বজাৰ লগে লগে আৰম্ভ হৈছে ভোটগ্রহণ প্ৰক্ৰিয়া। সন্ধিয়া ৬ বজাত ভোটদানৰ সামৰণি পৰিব। নির্বাচন আয়োগে এই নির্বাচন শান্তিপূর্ণ, স্বচ্ছ আৰু নিকাকৈ অনুষ্ঠিত কৰাৰ বাবে সকলো ব্যৱস্থা গ্রহণ কৰিছে। 

নীতিশ কুমাৰ মন্ত্ৰীসভাৰ ১৪ জনকৈ মন্ত্ৰীৰ আজি ভাগ্য নিৰ্ণয় হ’ব। অন্তিম পর্যায়ত ৰাজ্যখনৰ ২০খন জিলাত ৩ কোটি ৭০ লাখৰো অধিক ভোটদাতাই ১৩০২ গৰাকী প্ৰাৰ্থীৰ ৰাজনৈতিক ভাগ্য নির্ণয় কৰিব। ইয়াৰ ভিতৰত ১৩৪ গৰাকী মহিলা প্রার্থীও আছে। প্ৰাপ্ত তথ্য অনুসৰি, ৪৫ হাজাৰ ভোটগ্রহণ কেন্দ্রত ভোটগ্রহণ অনুষ্ঠিত হ'ব।

এই পর্যায়ত ভাৰত-নেপাল সীমান্তৰ সমষ্টিসমূহৰ লগতে মগধ, ক'চি, মিথিলাঞ্চল, সীমাঞ্চল আদিত ভোটগ্রহণ কৰা হ'ব। পূব আৰু পশ্চিম চম্পাৰণ জিলাৰ লগতে মধুবনী, সীতামহি, ছুপাৰল, কিষাণগঞ্জ, পূর্ণিয়া, কাটিহাৰ, ভগলপুৰ, গয়া, ঔৰাংগাবাদকে ধৰি জিলাসমূহত ভোটগ্রহণ নিয়াৰিকৈ অনুষ্ঠিত কৰাৰ বাবে প্রশাসনে সকলো ব্যৱস্থা গ্রহণ কৰিছে।

এই সমগ্র প্রক্রিয়া ৱেবকাষ্টিং কৰা হ'ব। নির্বাচন আয়োগে পাটনাৰ মুখ্য নির্বাচনী কার্যালয়ত বিশেষ নিয়ন্ত্রণ আক নির্দেশনা কক্ষ স্থাপন কৰিছে। অনুৰূপ নিয়ন্ত্রণ কক্ষ ভোটগ্রহণ হ'বলগীয়া ২০ খন জিলাত স্থাপন কৰা হৈছে।

মহিলা সৱলীকৰণৰ লক্ষ্যৰে ৫৯৫ খন ভোটকেন্দ্র কেৱল মহিলা বিষয়া কৰ্মীৰ দ্বাৰা পৰিচালিত হৈছে। একেদৰে ২১টা কেন্দ্র বিশেষভাবে সক্ষম বিষয়া-কৰ্মচাৰীৰ দ্বাৰা পৰিচালিত। ৩১৬টা আদর্শ ভোটগ্রহণ কেন্দ্র স্থাপন কৰা হৈছে।  প্ৰায়বোৰ সমষ্টিতে এন ডি এ আৰু মহামিত্রজোঁটৰ প্ৰাৰ্থীৰ মাজত প্রতিদ্বন্দ্বিতা হোৱাৰ সম্ভাৱনা আছে ৰাজ্যখনত ৬ নৱেম্বৰত অনুষ্ঠিত প্রথম পৰ্যায়ৰ ভোটগ্রহণত প্রায় ৬৫ শতাংশ ভোটদাতাই ভোটদান কৰে। অহা ১৪ নৱেম্বৰত ভোট গণনা কৰা হ'ব।

বিহাৰ