বিহাৰত ভোটযুদ্ধঃ ৩কোটিৰো অধিক ভোটাৰৰ হাতত বন্দী ১৩১৪ গৰাকী প্ৰাৰ্থীৰ ভাগ্য...

আজি বিহাৰত প্ৰথম পৰ্যায়ৰ নিৰ্বাচন। এই পর্যায়ত ৰাজ্যখনৰ ১৮ খন জিলাৰ ১২১ টা সমষ্টি সামৰি লোৱা হ'ব। প্রথম পর্যায়ত ৩ কোটি ৭৫ লাখ ভোটদাতাই ১৩১৪ গৰাকী প্ৰাৰ্থীৰ ৰাজনৈতিক ভাগ্য নির্ধাৰণ কৰিব

author-image
Asomiya Pratidin
New Update
WhatsApp Image 2025-11-05 at 10.55.36 PM

ডিজিটেল ডেস্ক : আজি বিহাৰত প্ৰথম পৰ্যায়ৰ নিৰ্বাচন। এই পর্যায়ত ৰাজ্যখনৰ ১৮ খন জিলাৰ ১২১ টা সমষ্টি সামৰি লোৱা হ'ব। প্রথম পর্যায়ত ৩ কোটি ৭৫ লাখ ভোটদাতাই ১৩১৪ গৰাকী প্ৰাৰ্থীৰ ৰাজনৈতিক ভাগ্য নির্ধাৰণ কৰিব।  দুটা পৰ্যায়ত অনুষ্ঠিত হ'বলগীয়া বিহাৰৰ নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হ'ব  ১১ নৱেম্বৰ, ২০২৫ত। ১৪ নৱেম্বৰত অনুষ্ঠিত হ’ব ভোটগণনা ।

এই পর্যায়ত সামৰি ল'বলগীয়া জিলাসমূহৰ ভিতৰত পাটনা, দৰভংগা, মাধেপুৰা, ছহর্ষা, মুজাফ্ফৰপুৰ, গোপালগঞ্জ, ছিৱান, ছৰণ, বৈশালী, সমষ্টিপুৰ, বেগুচৰাই, লক্ষীচৰাই, মুংগেৰ, শ্বেইখপুৰা, নালন্দা, বক্সাৰ আৰু ভোজপুৰ আছে। ৰাজ্যখনত ১১ নৱেম্বৰত দ্বিতীয় তথা অন্তিম পর্যায়ত ভোটগ্রহণ অনুষ্ঠিত হ'ব।

প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ সাক্ষী হ’ব বিভিন্ন দেশৰ এটা প্ৰতিনিধি দল । য’ত উপস্থিত থাকিব ফ্ৰান্স, দক্ষিণ আফ্ৰিকা, বেলজিয়াম, ইণ্ডোনেছিয়া, ফিলিপাইনছ, থাইলেণ্ড আৰু কলম্বিয়াৰ দৰে আগশাৰীৰ দেশসমূহৰ প্ৰতিনিধিসকল ৷

আন্তঃৰাষ্ট্ৰীয় নিৰ্বাচনী দৰ্শনাৰ্থী কাৰ্যসূচী(IEVP 2025) ৰ অধীনত আন্তঃৰাষ্ট্ৰীয় প্ৰতিনিধি দলটোৱে বিহাৰ ভ্ৰমণ কৰিব । ২০১৪ চনৰ পৰা আই ই ভি পিয়ে ভাৰতৰ নিৰ্বাচনী ব্যৱস্থাৰ শক্তিসমূহ আন্তঃৰাষ্ট্ৰীয় সমাজৰ আগত প্ৰদৰ্শন কৰি আহিছে ৷

বিহাৰ