/asomiyapratidin/media/media_files/2025/10/14/ujjjd-2025-10-14-15-06-11.jpg)
ডিজিটেল ডেস্কঃ বিহাৰ নিৰ্বাচনৰ বাবে বিজেপিয়ে প্ৰকাশ কৰিছে প্ৰথমখন প্ৰাৰ্থীৰ তালিকা। ৭১জনীয়া এই তালিকাৰ পৰা বাদ পৰিছে বহু জ্যেষ্ঠ নেতা তথা বিধায়কৰ নাম। উল্লেখ কৰা প্ৰয়োজন যে, এন ডি এ মিত্ৰজোঁটৰ আসন ভাগ-বটৰোৱাত বিজেপিয়ে ২৪৩খন আসনৰ ভিতৰত ১০১খন আসনত প্ৰতিদ্বন্দ্বিতা কৰাৰ কথা ঘোষণা কৰিছিল।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/10/14/g3nc6opbyaaeafz-2025-10-14-15-12-54.jpg)
লক্ষ্যণীয়ভাৱে এই তালিকাৰ পৰা বাদ পৰিল ৭বাৰৰ বিজেপিৰ বিধায়ক নন্দ কিশোৰ যাদৱৰ। মন্ত্ৰী মৌতিলাল প্ৰসাদকো এইবাৰ টিকট প্ৰদান নকৰিলে বিজেপিৰ নেতৃত্বই।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/10/14/g3nc8l_waaa-_t2-2025-10-14-15-13-06.jpg)
বিহাৰ বিধানসভাৰ নিৰ্বাচন দুটা পৰ্যায়ত অনুষ্ঠিত হ’ব। ৬ আৰু ১১ নৱেম্বৰত ভোটগ্ৰহণ হ’ব আৰু ১৪ নৱেম্বৰত ফলাফল ঘোষণা কৰা হ’ব। ২৪৩ জনীয়া বিহাৰ বিধানসভাৰ কাৰ্যকাল ২২ নৱেম্বৰত অন্ত পৰিব।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/10/14/g3nc9cbagaai0kz-2025-10-14-15-13-56.jpg)
এইবাৰ বিহাৰত দুটা পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হ’ব। ২০০৫ চনৰ পৰা এনে হোৱা নাই। ২০২০ চনত তিনিটা পৰ্যায়ত ভোটদান হৈছিল, আনহাতে ২০১৫ চনত পাঁচটা পৰ্যায়ত অনুষ্ঠিত হৈছিল নিৰ্বাচন।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/10/14/g3nc91oboae1zgk-2025-10-14-15-14-07.jpg)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us