আজি ঘোষণা হ'ব বিহাৰ বিধানসভা নিৰ্বাচনৰ দিনঃ বিয়লি ৪ বজাত নিৰ্বাচন আয়োগৰ সংবাদমেল

৬ অক্টোবৰৰ বিয়লি ৪ বজাত দেশেৰ নিৰ্বাচন আয়োগে নতুন দিল্লীত এক সংবাদ মেল সম্বোধন কৰি এই সংবাদ মেলতেই বিহাৰ বিধানসভাৰ নিৰ্বাচনৰ দিন ঘোষণা কৰা হ'ব। 

author-image
Asomiya Pratidin
New Update
bihar 06

ডিজিটেল ডেস্কঃ বহু প্ৰত্যাক্ষিত বিহাৰ বিধানসভা নিৰ্বাচনৰ দিন আজি ঘোষণা কৰা হ'ব। ৬ অক্টোবৰৰ বিয়লি ৪ বজাত দেশেৰ নিৰ্বাচন আয়োগে সংবাদ মেল সম্বোধন কৰাৰ পূৰ্ব নিৰ্ধাৰিত সূচী অনুসৰিয়েই আজি আয়োগে বিয়লি ৪ বজাত সংবাদ মেল সম্বোধন কৰিব। এই সংবাদ মেলতেই বিহাৰ বিধানসভাৰ নিৰ্বাচনৰ দিন ঘোষণা কৰা হ'ব। 

উল্লেখ্য যে, যোৱা কেইবা সপ্তাহৰ পৰা বিহাৰৰ ৰাজনৈতিক দলসমূহে দাবী উত্থাপন কৰি আহিছে অক্টোবৰৰ শেষৰফালে ৰাজ্যিক বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত কৰিব লাগে। তেওঁলোকৰ এই দাবীৰ কাৰণ হৈছে ছঠ পূজা। বিহাৰী সম্প্ৰদায়ৰ লোকসকলৰ গুৰুত্বপূৰ্ণ উৎসৱ ছঠ পূজাৰ সময়ত দেশৰ বিভিন্ন ৰাজ্যত আনকি বিদেশতো কাম কৰি থকা প্ৰায় সকলো লোক নিজৰ পৰিয়ালৰ কাষলৈ, স্ব-গৃহলৈ আহে। 

সেয়ে এই সময়ছোৱাত নিৰ্বাচন আনুষ্ঠিত হলে নিৰ্বাচনত সৰ্বাধিক ভোটাৰৰ অংশগ্ৰহণ নিশ্চিত হ'ব। কিয়নো কৰ্মৰ বাবেই অন্য ৰাজ্যত থকা বা বিদেশত থকা এই লোকসকলে উৎসৱৰ সময়ত ঘৰত থকাৰ বাবেই তেওঁলোকৰ ভোটদান কৰাত সহজ হ'ব। 

স্মৰ্তব্য, আজি অনুষ্ঠিত হ'বলগীয়া নিৰ্বাচন আয়োগৰ সংবাদ মেলত মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰ উপস্থিত থাকিব। তেঁৱেই বিহাৰ নিৰ্বাচনৰ দিন আৰু নিৰ্বাচনৰ প্ৰক্ৰিয়া, পৰ্যায় সন্দৰ্ভত বিতং তথ্য প্ৰদান কৰিব। চৰ্চা অনুসৰি মুঠ দুটা পৰ্যায়ত বিহাৰ বিধানসভা নিৰ্বাচন অনুষ্ঠিত হোৱাৰে সম্ভাৱনা অধিক। যদি দুটা পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হয় তেনে প্ৰথম পৰ্যায়ত কোন কেইখন জিলাত, দ্বিতীয় পৰ্যায়ত কোন কেইখন জিলাত  নিৰ্বাচন অনুষ্ঠিত হয় সেয়া হ'ব লক্ষ্যণীয়। 

ইতিমধ্যে ৪ আৰু ৫ অক্টোবৰত নিৰ্বাচন আয়োগে বিহাৰ ভ্ৰমণ কৰিছে। এই ভ্ৰমণৰ সময়ত মুখ্য নিৰ্বাচন আয়ুক্তই বিভিন্ন ৰাজনৈতিক দলৰ নেতা, প্ৰশাসনিক বিষয়া, আৰু আৰক্ষী বিষয়াৰ সৈতে সাক্ষাৎ কৰিছিল। নিৰ্বাচনৰ সময়ত আইন-শৃংখলা, নিৰাপত্তা, ভোট কেন্দ্ৰৰ ব্যৱস্থাৰ ওপৰত বিশদ আলোচনা কৰা হৈছে। এই সময়তে তেওঁ স্পষ্ট কৰিছে নিৰ্বাচন আয়োগৰ উদ্দেশ্য হৈছে শান্তিপূৰ্ণ, ন্যায্য, ফলপ্ৰসূভাৱে নিৰ্বাচন অনুষ্ঠিত কৰা।

নিৰ্বাচন আয়োগ নিৰ্বাচন বিহাৰ