বন কৰা কিশোৰীক নিৰ্যাতন চলাই ৰঙাঘৰত সোমাল শিক্ষক...

বিহালী চেৰেলীয়াৰ গাঁৱৰ কিশোৰী গৰাকী ৩ দিন পূৰ্বে নিজ ঘৰলৈ যোৱাত আজি শিক্ষক অনুপ হাজৰিকাই পৰিয়ালৰ অন্য সদস্যৰ সৈতে কিশোৰী গৰাকীক আনিবলৈ যোৱাত তেওঁ আহিবলৈ অমান্তি হয়।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল সংবাদ,বিহালীঃ কিশোৰীক শাৰিৰীক নিৰ্যাতন চলাই ৰঙা ঘৰৰ আলহী হ'ল এগৰাকী শিক্ষক। শিক্ষক সমাজক লজ্জানত কৰা এই ঘটনাই জোকাৰি গৈছে সমগ্ৰ অঞ্চল। ঘটনা সন্দৰ্ভত প্ৰাপ্ত তথ্য অনুসৰি, লক্ষিমপুৰ কাৰি গাঁৱৰ অনুপ হাজৰিকাই (৪০) ৩ বছৰ পূৰ্বেই এগৰাকী কিশোৰীক বন কৰা ছোৱালী হিচাপে নিজ ঘৰলৈ আনিছিল।

Advertisment

বিহালী চেৰেলীয়াৰ গাঁৱৰ কিশোৰী গৰাকী ৩ দিন পূৰ্বে নিজ ঘৰলৈ যোৱাত আজি শিক্ষক অনুপ হাজৰিকাই পৰিয়ালৰ অন্য সদস্যৰ সৈতে কিশোৰী গৰাকীক আনিবলৈ যোৱাত তেওঁ আহিবলৈ অমান্তি হয়। বহু চেষ্টাৰ পাছতো কিশোৰী গৰাকীয়ে অনুপ হাজৰিকাৰ ঘৰলৈ আহিবলৈ বাধ্য নোহোৱাত পৰিয়ালৰ লোকে তেওঁক ভালদৰে সোধ-পোছ কৰে।

তেতিয়াহে ওলাই পৰে জোলোঙাৰ মেকুৰি! কিশোৰী গৰাকীৰ অভিযোগ অনুসৰি, শিক্ষক হাজৰিকাই বিগত কেবাদিনে তেওঁক শাৰিৰীক নিৰ্যাতন চলাই আহিছিল। কিশোৰী গৰাকীৰ অভিযোগৰ পাছতে গাঁৱৰ ৰাইজৰ লগতে আদিবাসী ছাত্ৰ সন্থাৰ বিষয়ববীয়াই বিহালী আৰক্ষীক খবৰ দিয়ে।

ঘটনাস্থলীত বিহালী আৰক্ষী উপস্থিত হৈ অভিযুক্ত শিক্ষক অনুপ হাজৰিকাক থানালৈ লৈ যায়ষ লগতে সমগ্ৰ ঘটনা সন্দৰ্ভত কিশোৰীক সোধ-পোছ কৰি সত্যতা প্ৰমাণ কৰে।

লগে লগে কিশোৰী গৰাকীৰ অভিযোগ অনুসৰি বিহালী আৰক্ষীয়ে ৮০/২৫ গোচৰ মৰ্মে ৭৫(২)/৭৬  BNS R/w ১০ পকচো আইনৰ অধীনত গোচৰ ৰুজু কৰি শিক্ষক অনুপ হাজৰিকাক জেল হাজোতলৈ প্ৰেৰণ কৰে।

বিহালী