বিহালীৰ গীৰ্জা লাইন নিম্ন প্ৰাথমিক বিদ্যালয় গৃহৰ ভিতৰত একাঠু পানী

এজাক বৰষুণতে ডুবিল বিহালী প্ৰাথমিক শিক্ষাখণ্ড অধীনৰ বাঘমাৰীস্থিত গীৰ্জা লাইন নিম্ন প্ৰাথমিক বিদ্যালয় গৃহ ৷

author-image
Asomiya Pratidin
New Update
cscscscd

ডিজিটেল সংবাদ, বিহালীঃ এজাক বৰষুণতে ডুবিল বিহালী প্ৰাথমিক শিক্ষাখণ্ড অধীনৰ বাঘমাৰীস্থিত গীৰ্জা লাইন নিম্ন প্ৰাথমিক বিদ্যালয় গৃহ ৷ প্ৰাপ্ত তথ্য অনুসৰি, সোমবাৰৰ পুৱাৰে পৰা অহা মূষলধাৰ বৰষুণৰ ফলত বিহালীৰ বাঘমাৰাস্থিত গীৰ্জা লাইন নিম্ন প্ৰাথমিক বিদ্যালয়ৰ চৌহদ প্লাৱিত হোৱাৰ উপৰিও বিদ্যালয় খনৰ প্ৰতিটো শ্ৰেণী কোঠা,ৰান্ধনী কোঠাত প্ৰৱেশ কৰে ৷ যাৰফলত সোমবাৰে বিদ্যালয় খনৰ ছাত্ৰ-ছাত্ৰীসকল পাঠদানৰ পৰা বঞ্চিত হ'ব লগা হয৷ 

বিদ্যালয় খনৰ প্ৰধান শিক্ষক পাপু চাহুৱে সদৰি কৰা অনুসৰি, বিগত ২০১০ চনত বিভাগীয়ভাৱে বাঘমাৰী চাহ বাগিছা কৰ্তৃপক্ষই প্ৰদান কৰা এক পুখুৰী সদৃশ ভূমিত বিদ্যালয় গৃহটো নিৰ্মাণ কৰা হৈছিল ৷ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাৰ সময়ত বিদ্যালয় গৃহৰ উচ্চতা প্ৰায় আঢ়ৈ ফুট আছিল যদিও পৰৱৰ্তী সময়ত বিদ্যালয় খনৰ চোতালত মাটি ভৰ্তি কৰাত বিদ্যালয় গৃহৰ ভেঁটি আৰু চোতাল একাকাৰ হৈ পৰে ৷ ফলত দীৰ্ঘদিনৰে পৰা বৰষুণৰ বতৰত চোতালৰ লগত বিদ্যালয় খনৰ ৰান্ধনী গৃহ, শৌচ প্ৰসাৱ গৃহ আৰু শ্ৰেণী কোঠাত পানী সুমাই প্লাৱিত কৰে৷ 

উল্লেখযোগ্য যে, বিদ্যালয়খনত মুঠ তিনি গৰাকী শিক্ষকৰ বিপৰীতে প্ৰায়  ১৫০ গৰাকী শিক্ষাৰ্থী আছে৷ বিদ্যালয় খনৰ শিক্ষক পাপু চাহুৱে বিদ্যালয়খনত সৃষ্ট অভাৱনীয় পৰিস্থিতি তথা সমস্যা সমাধানৰ বাবে বিহালীৰ বিধায়ক দিগন্ত ঘাটোৱাৰক তৎকালে যথোপযুক্ত ব্যৱস্থা গ্ৰহণৰ আহ্বান জনাইছে৷

বিহালী