বিহালীত নেচাৰ্চ নেষ্ট কেফে্ হোটেল-ৰেষ্টুৰেন্ট মুকলি

ব্ৰহ্মপুত্ৰ নদীৰ পাৰত নৈসৰ্গিক পৰিৱেশৰ মাজত ঐতিহাসিক কাঠনীবাৰী ঘাটত গ্ৰাম্য পৰ্যটন ক্ষেত্ৰ বিকাশ আৰু গ্ৰাম্য অৰ্থনীতি উত্তৰণ লক্ষ্যৰে  "NATURE'S NEST CAFE'' নামৰ এক ব্যৱসায়িক প্ৰতিষ্ঠান মুকলি কৰে৷

author-image
Asomiya Pratidin
New Update
WhatsApp Image 2025-12-20 at 2.39.33 PM

ডিজিটেল ডেস্কঃ আজি ৰাজ্যৰ বিশিষ্ট সাহিত্যিক গল্পকাৰ মহিম বৰাৰ অপূৰ্ব সৃষ্টি ''কাঠনীবাৰী ঘাট''ৰ পৃষ্টভূমি এছিয়া মহাদেশৰ বৃহৎ চাহ বাগিছা মোনাবাৰী চাহ বাগিছা অন্তৰ্গত বিশ্বনাথৰ বিহালীৰ কাঠনীবাৰী ঘাট গ্ৰাম্য পৰ্যটন ক্ষেত্ৰ লৈ পৰ্যৱসিত হৈছে৷ বিহালীৰ গ্ৰীণ আছিয়ানা ফাউণ্ডেশ্ব'ন নামৰ অনুষ্ঠান পৰিচালন সঞ্চালক ড° কল্পকিশোৰ হাজৰিকা আৰু উদ্যোগিক মহিলা স্নিগ্ধা গোস্বামীৰ প্ৰচেষ্টাত ব্ৰহ্মপুত্ৰ নদীৰ পাৰত নৈসৰ্গিক পৰিৱেশৰ মাজত ঐতিহাসিক কাঠনীবাৰী ঘাটত গ্ৰাম্য পৰ্যটন ক্ষেত্ৰ বিকাশ আৰু গ্ৰাম্য অৰ্থনীতি উত্তৰণ লক্ষ্যৰে  "NATURE'S NEST CAFE'' নামৰ এক ব্যৱসায়িক প্ৰতিষ্ঠান মুকলি কৰে৷

 গ্ৰীণ আছিয়ানা ফাউণ্ডেশ্ব'নৰ সঞ্চালক ড° কল্পকিশোৰ হাজৰিকা আৰু স্নিগ্ধা গোস্বামীৰ প্ৰচেষ্টাত গঢ় লৈ উঠা NATURE'S  NEST CAFE নামৰ প্ৰতিষ্ঠান খন আনুষ্ঠানিকভাৱে উদ্ধোধন কৰে বিশ্বনাথৰ আৰক্ষী অধীক্ষক সন্মানীয় আজগৌৰাণ বসুমতাৰীয়ে ৷ গ্ৰাম্য পৰ্যটন বিকাশ লক্ষ্যৰে মুকলি কৰা কেফে উদ্ধোধন অনুষ্ঠানত বিশ্বনাথৰ বিশিষ্ট সক্ৰিয় জ্যেষ্ঠ নাগৰিক জীতেন ভাগৱতী, বিশ্বনাথ মহাবিদ্যালয়ৰ অধ্যক্ষ ড° চিন্তামনি শৰ্মা, অসামৰিক বিষয়া বিষয়া লীজা তালুকদাৰ, সাকোমাটো চাহ বাগিচাৰ অৱসৰপ্ৰাপ্ত পৰিচালক ৰবীন্দ্ৰ সিঙ,বিশ্বনাথ জিলাৰ  জ্যেষ্ঠ সাংবাদিক ভূৱন শইকীয়া, বসন্ত বৰা, নিৰঞ্জন হাজৰিকা, হেমন্ত শইকীয়া, বিহালী প্ৰেছ ক্লাৱৰ সভাপতি ভূৱন লুইটেল, উপ-সভাপতি খগেন মটক, পুলক হাজৰিকা,জ্ঞান পাণ্ডে, জগটাৰ সিঙকে ধৰি অঞ্চলটোৰ বহু কেইগৰাকী  বিশিষ্ট ব্যক্তি উপস্থিত থাকে৷ 

উল্লেখ্য যে বিশ্বনাথ জিলাৰ বিহালীৰ মেনাবাৰী চাহ বাগিছাৰ দক্ষিণাঞ্চলৰ ব্ৰহ্মপুত্ৰ পাৰত কাজিৰঙা অভয়াৰণ্যৰ সুশোভিত দৃষ্টিনন্দন পৰিৱেশৰ মাজত মুকলি কৰা NATURE'S NEST CAFE খনত থলুৱা খাদ্য সম্ভাৰ উপলব্ধ থকাৰ উপৰিও পৰ্যটক সকলে প্ৰকৃতিৰে উমলি এক অন্য আনন্দ লাভ কৰিব পৰা সকলো সা-সুবিধা আছে৷ আনকি কাঠনিবাৰী ঘাটত অৱস্থিত নেচাৰ্চ নেষ্ট কেফেৰ পৰা কাজিৰঙা অভয়াৰণ্য প্ৰতক্ষ্য কৰিব পাৰিব৷

বিশ্বনাথ