/asomiyapratidin/media/media_files/2025/11/25/2-2025-11-25-16-30-26.jpg)
ডিজিটেল সংবাদ,বিহালীঃ আফ্ৰিকান ছোৱাইন ফিভাৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি তৎপৰ হৈ পৰিছে বিশ্বনাথৰ পশুপালন আৰু পশু চিকিৎসা বিভাগ তথা বিশ্বনাথ জিলা প্ৰশাসন। জিলাখনৰ বিশ্বনাথ উন্নয়ন খণ্ডৰ অন্তৰ্গত উত্তৰ মৰলগাঁৱত গাহৰিৰ দেহত আফ্ৰিকান ছোৱাইন ফিভাৰৰ উপস্থিতি ধৰা পৰাৰ পাছতেই তৎপৰ হৈ পৰিছে বিশ্বনাথৰ পশুপালন আৰু পশু চিকিৎসা বিভাগ তথা বিশ্বনাথ জিলা প্ৰশাসন।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/11/25/pig2-2025-11-25-16-31-40.jpg)
উল্লেখযোগ্য যে, বিশ্বনাথ উন্নয়ন খণ্ডৰ অধীনৰ উত্তৰ মৰল গাঁৱৰ নিৱাসী বিশ্বজিৎ দাসৰ গাহৰিৰ ফাৰ্মত গাহৰিৰ দেহত এই আফ্ৰিকান ছোৱাইন ফিভাৰৰ সংক্ৰমণ দেখা দিয়াত, বুঢ়ীগাং খণ্ড পশু চিকিৎসালয়ৰ পৰা আফ্রিকান ছুৱাইন ফিভাৰ ৰোগৰ লক্ষণৰ সন্দেহ কৰি তেজৰ নমুনা NERDDLপৰীক্ষাগাৰলৈ প্ৰেৰণ কৰাৰ পাছতে গাহৰিৰ দেহত এনে সংক্ৰামক ৰোগৰ উপস্থিতি পোহৰলৈ অহাত অসম চৰকাৰৰ পশুপালন আৰু পশু চিকিৎসা বিভাগৰ সঞ্চালক জয়ন্ত কুমাৰ গোস্বামীয়ে "পশুৰ সংক্ৰমণ প্ৰতিৰোধ আৰু সংক্ৰামক ৰোগ প্ৰতিৰোধ আইন-২০০৯"ৰ অধীনত যোৱা ২৩ নৱেম্বৰত জাৰি কৰা 374465/4082058-59/2025/Livestock Branch নম্বৰৰ জাননী যোগে বিশ্বনাথৰ উত্তৰ মৰলগাঁৱৰ বিশ্বজিৎ দাসৰ গাহৰি পামখনক অভিকেন্দ্র হিচাপে লৈ ১ কিলোমিটাৰ ব্যাসার্দ্ধৰ অন্তৰ্গত এলেকাসমূহক সংক্রমিত এলেকা হিচাপে আৰু অভিকেন্দ্ৰৰ ১০ কিলোমিটাৰ ব্যাসার্দ্ধৰ অন্তৰ্গত এলেকাসমূহক পর্যবেক্ষণ এলেকা হিচাপে চিহ্নিত কৰিছে। লগতে সংক্রমিত এলেকাৰ পৰা ১০ কিলোমিটাৰ এলেকাত গাহৰিৰ মাংস বিক্ৰী, দানা বিক্ৰী, গাহৰি বিক্ৰী আদিত প্রতিবন্ধকতা থকাৰ কথা উল্লেখ কৰিছে । এই প্রতিবন্ধকতা অহা ৩০ দিন অথবা পুনৰ নিৰ্দেশনা জাৰি নোহোৱালৈকে বাহাল থাকিব বুলি জনাই।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/11/25/whatsapp-image-2025-11-25-16-37-00.jpeg)
উল্লেখ্য যে, অভিকেন্দ্ৰৰ অন্তৰ্গত এলেকা সমূহ হৈছে উত্তৰ মৰলগাঁও, বুঢ়ীগাং আৰু বালিপুখুৰী। ইপিনে চিহ্নিত পর্যবেক্ষণ এলেকা সমুহ হৈছে - বুঢ়ীগাং গাঁও পঞ্চায়ত, জৰাবাৰী গাঁও পঞ্চায়ত, মোনাবাৰী গাঁও পঞ্চায়ত, লেহুগাঁও পঞ্চায়ত, খৰা শিমলু গাঁও পঞ্চায়ত, কুঁৱৰী গাঁও পঞ্চায়ত, মুখৰগড় গাঁও পঞ্চায়ত, গড়েহাগী-পানীভঁৰাল গাঁও পঞ্চায়ত আৰু বিশ্বনাথ চাৰিআলি পৌৰসভা অঞ্চল।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/11/25/whatsapp-image-2025-11-25-16-37-22.jpeg)
প্ৰাণিধানযোগ্য যে বিশ্বনাথৰ পশুপালন আৰু পশু চিকিৎসা বিভাগে জানিবলৈ দিয়া মতে, আফ্ৰিকান ছোৱাইন ফিভাৰ গাহৰিৰ ৰক্ত সঞ্চালন তন্ত্ৰৰ সংক্ৰমণ ঘটোৱা এবিধ ভয়াবহ ৰোগ । ঘৰচীয়া, বনৰীয়া, পোহ মনা কিন্তু পুনৰাই বনৰীয়া হোৱা ফেৰেল আদি সকলো জাতৰ গাহৰি এই ৰোগত আক্ৰান্ত হোৱাৰ সম্ভাৱনা থাকে, সেয়ে এনে ৰোগে দ্ৰুত হাৰত সংক্ৰমণ ঘটাব পাৰে আৰু অতিশীঘ্ৰে ভয়াবহ ৰোগ বিধে গাহৰিৰ মাজত মহামাৰী ৰূপ লোৱাৰ সম্ভাৱনা অত্যন্ত বেছি বুলি জানিব দিয়ে। তেনেস্থলত অসমৰ অৰ্থনীতিত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি অহা গাহৰি পালক সকলৰ বাবে আফ্ৰিকান ছোৱাইন ফিভাৰে বিশ্বনাথতো অশনি সংকেত কঢ়িয়াই আনিব পাৰে। সেয়েহে সমূহ গাহৰি পালক তথা সচেতন ৰাইজক এই নির্দেশনা বলৱৎ কৰাত সহযোগ কৰিবৰ বাবে বিভাগৰ ফালৰ পৰা আহ্বান জনাই।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us