বিহালীত মেগা স্বাস্থ্য শিবিৰক লৈ ব্যাপক বিসংগতি জিলা হেল্থ ছ'চাইটিৰ...

মুখ্যমন্ত্ৰী ড° হিমন্তবিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰে প্ৰতিটো বিধান সভা সমষ্টিৰ চুকে-কোণে বসবাস কৰা জনসাধাৰণৰ উন্নতমান বিশিষ্ট বিনামুলীয়া স্বাস্থ্য পৰীক্ষা আৰু চিকিৎসা

author-image
Asomiya Pratidin
New Update
yhhhdd

ডিজিটেল সংবাদ, বিহালীঃ   মুখ্যমন্ত্ৰী ড° হিমন্তবিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰে প্ৰতিটো বিধান সভা সমষ্টিৰ চুকে-কোণে বসবাস কৰা জনসাধাৰণৰ উন্নতমান বিশিষ্ট বিনামুলীয়া স্বাস্থ পৰীক্ষা আৰু চিকিৎসা প্ৰদানৰ বাবে মেগা স্বাস্থ্য শিৱিৰ  শীৰ্ষক এক অভিনৱ অভিযান৷ ৰাজ্য চৰকাৰে প্ৰতিখন জিলাৰ অন্তৰ্গত প্ৰতিটো বিধান সভা সমষ্টিত মেগা স্বাস্থ্য শিৱিৰ অনুষ্ঠিত কৰাৰ বাবদত ২০ লাখ টকাকৈ অনুমোদন দিছে৷

সেই অনুসৰি আজি বিশ্বনাথ জিলাৰ বিহালী স্নাতক মহাবিদ্যালয় খেল পথাৰত বিশ্বনাথ জিলা হেল্থ ছ'চাইটিৰ উদ্যোগত মেগা স্বাস্থ্য শিৱিৰ অনুষ্ঠিত হয়৷ পুৱা ৯ বজাত শোণিতপুৰৰ সাংসদ ৰঞ্জিত দত্তই আনুষ্ঠানিকভাৱে বিহালী মেগা স্বাস্থ্য শিৱিৰ মুকলি কৰে৷ শিৱিৰ মুকলি অনুষ্ঠানত বিহালীৰ বিধায়ক দিগন্ত ঘাটোৱাল, বিশ্বনাথ জিলাৰ স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ডা জে চি বে', মহকুমা স্বাস্থ্য বিষয়া ডা• দীপক কুমাৰ বিস্বাসী, বিহালী সমজিলা আয়ুক্ত দিপ্তীৰেখা হাজৰিকা, সহকাৰী আয়ুক্ত বিচিত্ৰা দাস, বিহালী উন্নয়ন খণ্ডৰ খণ্ড বিষয়া দেৱানন্দ নাথ, বিহালী সমজিলা কাৰ্যালয়ৰ কৰ্মচাৰী কৌশিক নাথকে ধৰি বহু কেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে৷ ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ অধীনত অসমৰ প্ৰতিটো বিধান সভা সমষ্টিত শুশ্ৰূষা সেতু নামেৰে মেগা স্বাস্থ্য শিৱিৰৰ আয়োজন কৰিছে স্বাস্থ্য বিভাগে।

১৮ বছৰ বয়সৰ তলৰ শিশু আৰু কিশোৰ কিশোৰী সকলৰ উপযুক্ত স্বাস্থ্য পৰীক্ষা আৰু চিকিৎসাৰ বাবে এই শিৱিৰৰ আয়োজন কৰিছে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানে। গুৰুত্বপূৰ্ণ যে, এই মেগা স্বাস্থ্য শিৱিৰৰ প্ৰধান লক্ষ্য আৰু উদ্দেশ্যে হৈছে ১৮ বছৰ বয়সৰ তলৰ শিশু আৰু কিশোৰ-কিশোৰী সকলৰ স্বাস্থ্য পৰীক্ষা কৰাৰ অন্ততঃ সংশ্লিষ্ট ৰোগী সকলক উন্নত চিকিৎসাৰ বাবে অসমৰ চিকিৎসা মহাবিদ্যালয়ৰ লগতে বহি:ৰাজ্যলৈ প্ৰেৰণ কৰা।

সেই অনুসৰি বিহালীত অনুষ্ঠিত মেগা স্বাস্থ্য শিৱিৰত পুৱাৰে পৰা বিয়লি চাৰি বজা পৰ্যন্ত ৩৪৬৮ গৰাকী লোকে স্বাস্থ্য পৰীক্ষা কৰে৷ ইয়াৰ ২৪০ গৰাকী ১৮ বছৰ বয়সৰ তলৰ কিশোৰ-কিশোৰীক বিনামুলীয়া উন্নত চিকিৎসাৰ বাবে তেজপুৰ চিকিৎসা মেডিকেল কলেজ হাস্পাতাল লৈ প্ৰেৰণৰ সুব্যৱস্থা কৰে৷ জানিব পৰামতে নিৰ্দিষ্ট তাৰিখত প্ৰতি গৰাকী কিশোৰ-কিশোৰক বিভাগীয়ভাৱে চিকিৎসা ব্যয় বহন কৰিব৷ অৱশ্যে বিহালীত অনুষ্ঠিত স্বাস্থ্য শিৱিৰত ৯১ গৰাকীয়ে ৰক্ত পৰীক্ষা কৰে৷

ইপিনে উত্থাপিত অভিযোগমতে যিসময়ত ৰাজ্য চৰকাৰে মেগা স্বাস্থ্য শিৱিৰ অনুষ্ঠিত কৰাৰ নামত ২০ লাখ টকা অনুমোদন দিছে সেই সময়ত বিশ্বনাথ জিলা হেল্থ ছ'চাইটিৰ তত্বাবধানত পৰিচালিত মেগা স্বাস্থ্য শিৱিৰত উপযুক্ত সেৱা লাভৰ পৰা বঞ্চিত হৈছে বিহালীৰ জনসাধাৰণ৷ স্বাস্থ্য শিৱিৰত পৰ্যাপ্ত পৰিমানৰ চিকিৎসক আৰু ঔষধ পাতি অভাৱ, অশৃংখলাৱদ্ধ ব্যৱস্থা, পৰ্যাপ্ত. পৰিমানৰ যান বাহনৰ অভাৱত দূৰ-দূৰণিৰ পৰা অহা ৰোগী সকলে জীয়াতু ভূগিব লগা হৈছে৷

বিশেষকৈ বিহালী বিধান সভাৰ অন্তৰ্গত ২৩ খন গাওঁ পঞ্চায়ত এলেকাৰ প্ৰাথমিক বিদ্যালয়ৰ পৰা উচ্চ ইংৰাজী বিদ্যালযৰ কনকন ছাত্ৰ-ছাত্ৰী সকলে পুৱাৰে পৰা বিয়লি ২ বজা পৰ্যন্ত প্ৰখৰ ৰ'দত দীঘলীয়া শাৰী পাতি স্বাস্থ্য পৰীক্ষাৰ বাবে ঘন্টা-ঘন্টা ধৰি অপেক্ষা কৰিব লগাৰ দৰে অভাৱনীয় পৰিস্থিতিৰ সন্মূখীন হ'ব লগা হৈছে৷ উত্থাপিত অভিযোগমতে - ইতিমধ্যে বিশ্বনাথ জিলাৰ গহপুৰ বিধান সভা আৰু বিশ্বনাথ বিধান সভাত অনুষ্ঠিত মেগা স্বাস্থ্য শিৱিৰ সম্পন্ন হৈ যোৱা বহুদিন হ'ল যদিও আজিকোপতি বিশ্বনাথ জিলা হেল্থ ছ'চাইটিয়ে স্বাস্থ্য শিৱিৰত সেৱা প্ৰদান কৰা প্ৰতি গৰাকী বিশেষজ্ঞ চিকিৎসক ৩০০০ টকা, প্ৰতি গৰাকী এম বি বি এছ চিকিৎসক,ডেন্টেল চিকিৎসক আৰু আয়ুৰ্বেদ চিকিৎসকক ১৫০০ টকা, প্ৰতি গৰাকী চি এই অ'ক ৭০০ টকা, প্ৰতি গৰাকী ফাৰ্মাচিষ্টক ৭০০ টকা, প্ৰতি গৰাকী লেবৰটৰী টেকনিচিয়াক ৭০০ টকা, প্ৰতি গৰাকী এ এন এমক ৫০০ টকা প্ৰতিগৰাকী আশা কৰ্মী আৰু আশা চুপাৰভাইজাৰক ৮০০ টকা আৰু প্ৰতি গৰাকী চতুৰ্থবৰ্গ কৰ্মচীৰাক ৫০০ টকাকৈ প্ৰদান কৰিবলগীয়া প্ৰাপ্য ধন প্ৰদান কৰা নাই৷ 

উল্লেখযোগ্য যে, ৰাজ্যৰ প্ৰতিটো বিধান সভাত অনুষ্ঠিত মেগা স্বাস্থ্য শিৱিৰ ৰূপায়নৰ বাবে ষ্টেট বাজেট ২০২৫-২৬ৰ অধীনত বিভিন্ন শিতানত ২০ লাখ টকা পূঁজি ধাৰ্য্য কৰা বুলি জানিব পৰা গৈছে। সেই অনুসৰি- স্বাস্থ্য শিৱিৰৰ সবিশেষ তথ্য উপলব্ধ থকা আদৰণি তোৰণ, ৰ'দ বৰষুণ নপৰা পেণ্ডেল, চাউণ্ড চিষ্টেম, জেনেৰেটৰ,কাউণ্টাৰ, চিকিৎসকৰ কক্ষ প্ৰস্তুতৰ বাবে পাঁচ লাখ টকা, যাতায়তৰ বাবদ পাঁচ লাখ টকা, যোগাযোগ, মেডিয়া এণ্ড পাব্লিচিটিৰ বাবে তিনি লাখ টকা, খাদ্য আৰু চাহ-মিঠাইৰ বাবদ তিনিলাখ টকা, ডাটা এণ্ট্ৰিৰ বাবে ৭৫ হাজাৰ টকা আৰু অন্যান্যৰ শিতানত ধৰা হৈছে এক লাখ টকা৷ উল্লেখ যে, বিশ্বনাথ জিলা হেল্থ ছ'চাইটিৰ অধ্যক্ষ হিচাপে জিলা আয়ুক্ত আৰু সচিব হিচাপে জিলা যুটীয়া স্বাস্থ্য সঞ্চালক গৰাকীয়ে কাৰ্যনিবাহ কৰি থকাৰ পিছকো ব্যাপক বিংসগতি তথা খেলিমেলিৰ মাজেদি ২০ লাখ টকীয়া মেগা স্বাস্থ্য শিৱিৰ অনুষ্ঠিত কৰা বিষয়টোত সচেতনলোকৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে৷

বিহালী