/asomiyapratidin/media/media_files/2025/12/21/new-ap-web-1-33-2025-12-21-09-57-21.jpg)
ডিজিটেল সংবাদ, গহপুৰ: পূৱ শোণিতপুৰ বন সংমণ্ডলৰ বৰগাং ৰেঞ্জৰ অন্তৰ্গত বিহালী অভৰাণ্যৰ দিকালমুখ এলেকা অৰুণাচলৰ বুলি দাবী কৰাক কেন্দ্ৰ কৰি বিশ্বনাথ জিলাৰ ৰাইজৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।উল্লেখযোগ্য যে-২০২৩ চনত অসম আৰু অৰুণাচল চৰকাৰৰ মাজত হোৱা অনুষ্ঠিত হোৱা আলোচনাৰ চুক্তি অনুসৰি বিহালী অভৰাণ্যৰ সীমান্তবৰ্তী চাৰিখন গাঁও ক্ৰমে দিপিক,বালিচ',পাচ' আৰু দিকালমুখ এৰি দিছিল অৰুণাচলক।
ইয়াৰ পিছত দুয়োখন ৰাজ্যৰ মাজত নিৰ্ধাৰণ হয় মিমাংসিত বাউণ্ডেৰী।কিন্তু অতি আশ্বৰ্য্যজনকভাবে উক্ত মিমাংসিত বাউণ্ডেৰীৰ পৰা ৪০০ মিটাৰ দক্ষিণলৈ তথা দিকালমুখ ফৰেষ্ট কেম্পৰ পৰা ৮০০ মিটাৰ পূৱলৈ বিহালী অভৰাণ্যৰ ভিতৰৰ দিকালমুখত এতিয়া ব্যাপক হাৰত বন ধ্বংস যজ্ঞ অভিযান অব্যাহত ৰাখিছে একাংশ অৰুণাচলীয়ে।১৪ হাজাৰ ১৬ হেক্টৰ মাটিকালীৰে আগুৰা বিহালী অভৰাণ্যৰ অসম অৰুণাচল সীমান্তৰ অসমৰ ভূমিত থকা গছ বন কাটি ইতিমধ্যে তহিলং কৰিছে একাংশ অৰুণাচলীয়ে।
জানিব পৰামতে-বিহালী অভৰাণ্যৰ প্ৰায় ৬০ শতাংশ ভূমি ইতিমধ্যে অৰুণাচলীয়ে দখল কৰিছে।বৰ্তমানেও অভৰাণ্য খনৰ ভিতৰত অৰুণাচলীৰ আগ্ৰাসন অব্যাহত আছে।অৰুণাচলীৰ এনেধৰণৰ আগ্ৰাসনৰ বিৰুদ্ধে বৰগাঙৰ বন বিভাগ থিয় দিলেই একাংশ অৰুণাচলীয়ে আক্ৰমণৰ লক্ষ্য কৰি লয় অসমৰ বন বিভাগৰ লোকক। অসম আৰু অৰুণাচলৰ মাজত সীমা নিৰ্ধাৰণ কৰাৰ ক্ষেত্ৰত অসম চৰকাৰে গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ নকৰাৰ বাবেই অসমৰ বন বিভাগৰ লগত অৰুণাচলীৰ প্ৰায়েই সংঘটিত হৈ আহিছে সংঘাত।
শেহতীয়াভাবে অৰুণাচলীৰ আগ্ৰাসনৰ বিৰূদ্ধে বৰগাঙৰ বন বিভাগ কঠোৰ হ'বলৈ গৈ এতিয়া আক্ৰোশমূলকভাবে অৰুণাচলীৰ দ্বাৰা আইনী ভাবুকিৰ সন্মুখীন হ'বলগীয়া হে হৈছে।উল্লেখ্য যে যোৱা ১৬ ডিচেম্বৰৰ বিয়লি দিকালমুখ ফৰেষ্ট কেম্পৰ পৰা ৮০০মিটাৰ পুৱলৈ বিহালী অভয়াৰণ্যৰ ভিতৰত তথা ২০২৩ চনত অৰুণাচল আৰু অসম চৰকাৰৰ মাজত হোৱা আলোচনাৰ পিছত নিৰ্ধাৰণ কৰা মিমাংসিত সীমাৰ পৰা প্ৰায় ৪০০ মিটাৰ দক্ষিণৰ বিহালী অভৰাণ্যৰ ভিতৰত অৰুনাচলীয়ে চলোৱা বন ধ্বংসৰ বিৰূদ্ধে অভিযান চলাইছিল বন বিভাগে।
চাৰিজনীয়া পিষ্টলধাৰী অৰুণাচলী বনদস্যুয়ে দুটা কাঠ কটা মেচিনৰ সহায়ত প্ৰকাণ্ড প্ৰকাণ্ড গছ কটাৰ লগতে উক্ত ঠাইৰ এটা অংশৰ হাবি জংঘল কাটি পৰিস্কাৰ কৰি থকা প্ৰত্যক্ষ কৰে বৰগাং বনাঞ্চলিক কাৰ্য্যলয়ৰ অধীনস্থ দিকালমুখ ফৰেষ্ট কেম্পৰ ইন চাৰ্জ তথা বনপালক মুকেশ পেগুৰ নেতৃত্বত নিয়মীয়া টহলদাৰী এটা দলে। অৰুণাচলী বনধ্বংসকাৰী কেইজনক অসমৰ বন বিভাগৰ বৰগাঙ ৰেঞ্জৰ টহলদাৰী দলটোৱে বন ধ্বংসৰ কামত বাধা দিয়াত এজন অৰুণাচলীয়ে পিষ্টল উলিয়াই গুলী বৰ্ষণ কৰে।
ইয়াৰ প্ৰত্যুত্তৰত মুকেশ পেগুৰ নেতৃত্বাধীন বন সুৰক্ষা কৰ্মীৰ দলটোৱে শূণ্যলৈ গুলীচালনা কৰাৰ পিছতে ঘটনাস্থলীৰ পৰা পলায়ন কৰে অৰুণাচলী বনদস্যু চাৰিজন।দিকালমুখ ফৰেষ্ট কেম্পৰ বন সুৰক্ষা কৰ্মীৰ দলটোৱে ঘটনাস্থলীৰ পৰা উদ্ধাৰ কৰে এটা পইণ্ট টু টু ৰিভলভাৰ, ৮ ৰাউণ্ড গুলী আৰু ২ খন মেচিন কৰত।পৰবৰ্তী সময়ত উক্ত ৰিভলভাৰ,গুলী আৰু মেচিন কৰত সমূহ জব্দ কৰি বৰগাং বনাঞ্চলিক বিষয়া কাৰ্য্যলয়লৈ লৈ অহাৰ লগতে আইনী ব্যৱস্থা গ্ৰহণ কৰা হয়।লক্ষণীয় কথা এয়ে যে-অসমৰ বনাঞ্চলৰ ভূমিত মৰণাস্ৰ লৈ মেচিন কৰতেৰে সন্ত্ৰাস চলোৱা অৰুণাচলী বনদস্যু কেইজনে অৰুণাচল প্ৰদেশৰ চিজুচা আৰক্ষী থানাত দিকাল ফৰেষ্ট কেম্পৰ ইন চাৰ্জ মুকেশ পেগুৰ বিৰূদ্ধে এজাহাৰ দাখিল কৰা বুলি এক প্ৰচাৰ চলাই আইনী ভাবুকি দিছে বৰগাঙৰ বন বিভাগক।
তদুপৰি যি স্থানত দলটোৱে গছ কাটি আছিল সেয়া অৰুণাচলৰ বুলি দাবী কৰিছে অৰুণাচলী বনদস্যুৰ দলটোৱে।ইতিমধ্যে উক্ত ঘটনাৰ তদন্ত কৰিবলৈ ১৭ ডিচেম্বৰত বিহালী অভৰাণ্যৰ দিকালমুখত উপস্থিত হয় অৰুণাচল আৰক্ষীৰ এটা দল।নিজৰ কৰ্তব্য সম্পাদন কৰিবলৈ গৈ মুকেশ পেগু নামৰ বন পালক গৰাকী এতিয়া অৰুণাচলীৰ দ্বাৰা আইনী ভাবুকিৰ সন্মুখীন হ'বলগীয়া হোৱা কাৰ্য্যৰ বিৰূদ্ধে সমগ্ৰ বিশ্বনাথ জিলাৰ ৰাইজ প্ৰতিবাদমুখৰ হৈ পৰিছে।
এইক্ষেত্ৰত অসমৰ মুখ্যমন্ত্ৰীৰ এক উপযুক্ত পদক্ষেপ কামনা কৰি কৰ্তব্যৰত বন পালক আৰু বন সুৰক্ষা কৰ্মী সকলৰ উপযুক্ত নিৰাপত্তাৰ ব্যৱস্থা কৰিবলৈ জিলা খনৰ ৰাইজে মুখ্যমন্ত্ৰীগৰাকীৰ ওচৰত দাবী উথাপন কৰিছে।দিকালমুখৰ যি স্থানত অৰুণাচলীয়ে বন ধ্বংস চলাইছে উক্ত স্থান বিহালী অভৰাণ্যৰ ভিতৰৰ বুলি তথ্য সহকাৰে জানিবলৈ দিছে বৰগাং বনাঞ্চলিক বিষয়াৰ কাৰ্য্যলয়ে।বিহালী অভৰাণ্যখনক অতি শীঘ্ৰে অৰুণাচলীৰ আগ্ৰাসনৰ পৰা প্ৰতিৰোধ কৰিবলৈ অসমৰ চৰকাৰৰ ওচৰত কঠোৰ দাবী জনাইছে বিশ্বনাথ প্ৰকৃতিপ্ৰেমী ৰাইজৰ লগতে বিভিন্ন দল-সংগঠনে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us