পুনৰ বিহালীৰ ইটা ভাটাত শিশু শ্রমিক নিয়োগ

বিশ্বনাথ জিলা শ্ৰম বিভাগে বিহালী সম-জিলা আৰক্ষী-প্ৰশাসন আৰু চি ডব্লিউ চিৰ সহযোগত বিশ্বনাথ চাৰিআলিৰ নিবাসী গেছ প্ৰসাদ গুপ্তা মালিকানাধীন চেৰেলীয়াস্থিত কমল ইটা ভাটাত কেঁচা ইটা প্ৰস্তুতকৰণ কাৰ্যত নিয়োজিত শিশু শ্ৰমিক উদ্ধাৰ কৰিছে ৷

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল সংবাদ,বিহালীঃ  বিহালী সম-জিলা অন্তৰ্গত চেৰেলীয়াস্থিত কমল ইটা ভাটা নামৰ উদ্যোগত বিশ্বনাথ জিলা শ্ৰম বিভাগে এক অভিযান চলাই ৪ টাকৈ শিশু শ্ৰমিক উদ্ধাৰ কৰাৰ তথ্য পোহৰলৈ আহিছে ৷ প্ৰাপ্ত তথ্যমতে,বিশ্বনাথ জিলা শ্ৰম বিভাগে বিহালী সম-জিলা আৰক্ষী-প্ৰশাসন আৰু চি ডব্লিউ চিৰ সহযোগত বিশ্বনাথ চাৰিআলিৰ নিবাসী গেছ প্ৰসাদ গুপ্তা মালিকানাধীন চেৰেলীয়াস্থিত কমল ইটাভাটাত কেঁচা ইটা প্ৰস্তুতকৰণ কাৰ্যত নিয়োজিত শিশু শ্ৰমিক উদ্ধাৰ কৰি চি ডব্লিউ চি কৰ্তপক্ষই নীতি-নিয়ম অনুসৰি কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰিছে ৷ 

a187e62e-7c3a-4df2-8cea-b039816b867d

বিহালীৰ ইটা ভাটাত শিশু শ্ৰমিক উদ্ধাৰৰ বিষয়টোৱে পুনঃ প্ৰমাণিত কৰিলে যে বিহালীৰ দল-সংগঠনে উত্থাপন কৰি অহা শিশু শ্ৰমিক নিয়োগৰ অভিযোগ এশ শতাংশ সত্য৷ উল্লেখযোগ্য যে- বিগত ৯০ দশকৰ পৰা বিশ্বনাথ জিলাৰ বিহালী বিধান সভাত কাঠফুলাৰ দৰে গঢ় লৈ উঠিছে ইটোৰ পিছত সিটো ইটা ভাটা৷ সম্প্ৰতি বিহালী সম-জিলাৰ অন্তৰ্গত বেদেতী, শিয়ালমাৰী,চেৰেলীয়া,বৰগাঙ মৰাণ গাওঁ অঞ্চলত আছে প্ৰায় ৪৮ টা ইটা ভাটা৷ ইয়াৰে একাংশ ইটাভাটা মালিকে ব্যক্তিগত মুনাফা আদায়ৰ স্বাৰ্থত এফালৰ পৰা ভৰিৰে মোহাৰিছে ভূমি-ৰাজহ আইন-১৮৮৬, অসম ক্ষুদ্ৰ খনিজ ৰেহাই নিয়ম-২০১৩, শিক্ষা অধিকাৰ আইন, শ্ৰম আইনকে আদি কৰি একাধিক আইন-কানুন৷বিশেষত বিহালীস্থিত একাংশ ইটাভাটা মালিকে অবৈধভাৱে কৃষি পথাৰ খনন চলাই ইটা প্ৰস্তুত কৰা কাৰ্যত উঠি পৰি লগাৰ অভিযোগ নতুন নহয় যদিও আজিকোপতি বিশ্বনাথ জিলা প্ৰশাসন যন্ত্ৰ,বন বিভাগৰ বৰমূৰীয়া বিষয়াই আইন উলঙ্ঘাকাৰী ইটা ভাটা মালিক পক্ষক নাকী লগাবলৈ সক্ষম হোৱা নাই ৷ 

daced164-4244-4cad-b284-2098403b47e0

শেহতীয়াভাৱে বিহালীস্থিত একাংশ সামাজিকভাৱে অদ্বায়িত্বশীল পুঁজিপতি ইটা ভাটা মালিক পক্ষই নিজ ব্যৱসায়ীক লাভা লাভৰ হেতু ইটা ভাটা সমূহত কেচাঁ ইটা প্ৰস্তুতকৰণ কাৰ্যত শিশু শ্ৰমিক নিয়োগ কৰা তথ্য পোহৰলৈ আহিছে৷ বিহালী আঞ্চলিক অনুসূচিত জাতি ছাত্ৰ সন্থা আৰু আদিবাসী আঞ্চলিক ছাত্ৰ সন্থাৰ নেতৃত্বৰ অভিযোগ যে- যিসময়ত দেশৰ ভৱিষ্যত কনকন শিশুৱে কিতাপ বহী হাতত লৈ পঢ়াশালি লৈ যাব লাগিছিল, সমাজৰ অভিভাৱক সকলে শিশুক পঢ়া শুণাৰ প্ৰতি বলিষ্ট ভূমিকা গ্ৰহণ কৰিব লাগিছিল সেই সময়ত বিহালীস্থিত এচাম ধূৰন্দৰ মতলৱী ইটা ভাটা মালিকে প্ৰৱজিত শ্ৰমিকৰ সন্তানক ইটাভাটাৰ শ্ৰমিক হিচাপে নিয়োগ কৰাৰ দৰে জঘন্য কাণ্ড সংঘটিত কৰিছে৷ তদুপৰি একাংশ ইটা ভাটা মালিকে ৰাজ্যৰ বিভিন্ন জিলাৰ পৰা আমদানি কৰা প্ৰৱজিত শ্ৰমিক সকল থাকিবৰ বাবে উপযুক্ত আৱাসগৃহ ব্যৱস্থা নকৰাৰো অভিযোগ উত্থাপন কৰিছে বিহালীৰ ছাত্ৰ সংগঠনে৷ আনকি বিহালীৰ ইটা ভাটাত কাম কৰিবলৈ অহা প্ৰৱজিত শ্ৰমিকৰ দৈনিক মজুৰি প্ৰদানৰ নামত শ্ৰমিকৰ জীৱন শোষণ,লুণ্ঠন চলাইছে একাংশ ইটাভাটা মালিক গোষ্ঠীয়ে৷ 

daced164-4244-4cad-b284-2098403b47e0

শেহতীয়াভাৱে বিহালীৰ ইটা ভাটত শিশু শ্ৰমিক নিয়োগ কাণ্ডকাৰখানাত চকু পৰিছে বিশ্বনাথ জিলা শ্ৰম বিভাগ আৰু জিলা প্ৰশাযন যন্ত্ৰৰ বৰমূৰীয়া বিষয়া-কৰ্মচাৰীৰ৷ সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থাৰ বিশ্বনাথ জিলা সম্পাদক টুলটুল দাসে উত্থাপন কৰা অভিযোগ মতে- বিহালীস্থিত একাংশ ইটাভাটা মালিক পক্ষৰে মিতিৰালি আছে বন বিভাগৰ শীৰ্ষ বিষয়াৰ যাৰ বাবে বন আইন আৰু এ এম এম চি আৰ-২০১৩ উলংঘা কৰি অধৈধভাৱে কৃষিভূমি খনন চলাই কোটি কোটি টকা ঘটি আহিছে৷ ফলস্বৰূপে অনাগত ভৱিষ্যত দিনত বিহালীত কৃষি পথাৰ সংকুচিত হোৱাই নহয় কৃত্ৰিম বানপানী সমস্যাই জটিল ৰূপ ধাৰণ কৰাটো নিশ্চত৷ তদুপৰি বন বিভাগৰ  অৰ্থলালসা চৰিত্ৰৰ এচাম ধূৰন্দৰ বিষয়াই এচাম অসাধূ ইটা ভাটা মালিক পক্ষৰ অবৈধ কাম-কাজৰ অচিলা লৈ ধন ঘটাৰো ফান্দ পাতিছে যাৰ বাবে অসাধূ ইটা ভাটা মালিক পক্ষই নীতি-নিয়ম,আইন-কানুন সমাধিষ্ট কৰি নীতিবহিঃভূতভাৱে ইটা প্ৰস্তুত কাৰ্যত উঠি পৰি লাগিছে এই অভিযোগ অনুসূচিত জাতি ছাত্ৰ সন্থাৰ৷  বিশ্বনাথ জিলা শ্ৰম বিভাগৰ নেতৃত্বত বিহালীস্থিত বৰগাঙৰ  MAA-1, শিয়ালমাৰীৰ MBF বৰগাঙৰ EBI  বৰগাঙৰ টাটা, শিয়ালমাৰীৰ ABI, বৰগাঙৰ KKB2 নামৰ ইটাভাটা উদ্যোগত অভিযান চলাব বুলি অভিযান চলোনাৰ এদিন পুৰ্বেই ইটা ভাটা মালিক পক্ষৰ হাতত তথ্য আহি পৰিছিল বুলি জানিব পৰা গৈছে৷

a187e62e-7c3a-4df2-8cea-b039816b867d

তাৎপৰ্যপূৰ্ণ বিষয়টো হ'ল- যোৱা শনিবাৰে বিশ্বনাথ শ্ৰম বিভাগে বিহালীৰ উক্ত ৫ টা ইটা ভাটা অভিযান চলোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল৷ প্ৰশ্ন হয় -বিশ্বনাথ জিলা শ্ৰম বিভাগে গ্ৰহণ কৰা অভিযান সিদ্ধান্ত গ্ৰহণৰ লগে-লগে কেনেকৈ ইটা ভাটা মালিক গোষ্ঠী অৱগত হ'ল৷ এই কথাৰ পৰাই প্ৰমানিত হয় যে বিশ্বনাথ জিলাৰ বিভাগৰ কোনো বিষয়া-কৰ্মচাৰীৰে ঘনিষ্ট সম্পৰ্ক আছে পুঁজিপতি ইটাভাটা মালিক পক্ষৰে। যাৰ বাবে চৰকাৰী বিভাগৰ সকলো কথা বতৰা তথা তথ্য তাৎক্ষণিকভাৱে লাভ কৰে ইটা ভাটা মালিক পক্ষই ৷ বাস্তৱতে যে ইটাভাটা মালিকৰে বিভাগীয় বিষয়া-কৰ্মচাৰীৰ ভিতৰি এক গোপন নেক্সাস আছে সেই তথ্যই প্ৰমাণিত হৈছে৷

বিহালী