বিহালীৰ বৰগাঙক নগৰ ঘোষণা কাৰ্যকৰীকৰণৰ দাবী নাগৰিক সমাজৰ

অসম চৰকাৰৰ সেই ঘোষণা অনুসৰি বিশ্বনাথ জিলাৰ ৭১ নং বিহালী বিধান সভা সমষ্টিৰ অন্তৰ্গত বৰগাং অঞ্চলক নগৰাঞ্চল লৈ উন্নতীকৰণ কৰা হ'ব বুলি তথ্যত প্ৰকাশ পাইছিল ৷ 

author-image
Asomiya Pratidin
New Update
2

ডিজিটেল সংবাদ,বিহালীঃ  মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰে বিগত সময়ছোৱাত ৰাজ্যৰ বহু কেইটা এলেকা নগৰ লৈ উন্নীতকৰণ কৰাৰ সিদ্ধান্ত ঘোষণা কৰিছিল ৷ অসম চৰকাৰৰ সেই ঘোষণা অনুসৰি বিশ্বনাথ জিলাৰ ৭১ নং বিহালী বিধান সভা সমষ্টিৰ অন্তৰ্গত বৰগাং অঞ্চলক নগৰাঞ্চল লৈ উন্নতীকৰণ কৰা হ'ব বুলি তথ্যত প্ৰকাশ পাইছিল ৷ 

9586fa52-e838-418a-96db-394f4ab33efb

উল্লেখ্য যে, ৰাজ্য চৰকাৰ এই সিদ্ধান্তত বিহালীৰ সাধাৰণ লোকৰ উচাহ বৃদ্ধি পাইছিল যদিও নগৰ ঘোষণা সিদ্ধান্তটোৱে বাস্তৱত সাকাৰ ৰূপ লাভ নকৰাত সচেতন ৰাইজৰ মাজত প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে ৷ বিশ্বনাথ জিলা অন্তৰ্গত বিশ্বনাথ বিধান সভা সমষ্টি আৰু গহপুৰ বিধান সভা সমষ্টিত একোখন কৈ নগৰ আছে যদিও বিহালী বিধান সভা সমষ্টিত এখনো নগৰ তথা পৌৰ নিগম নাই ৷ 

26dc98b0-338d-4650-a52c-dea9b268f737

প্ৰাণিধানযোগ্য যে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰে যি সিদ্ধান্ত গ্ৰহণ কৰে প্ৰতিটো ঘোষণা-সিদ্ধান্ত কাৰ্যকৰীকৰণ কৰি অহাৰ পাছতো আজি পৰ্যন্ত বিহালীৰ বৰগাঙক নগৰাঞ্চল লৈ ৰূপান্তৰিত নকৰা কাৰ্যত আচৰিত হৈ পৰিছে বিহালীৰ নাগৰিক সমাজ ৷ ইতিমধ্যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বত ৰাজ্যৰ প্ৰতিটো বিধান সভা সমষ্টিত সম-জিলা আয়ুক্ত কাৰ্যালয় স্থাপনেৰে জনসাধাৰণ আৰু প্ৰশাসনৰ মাজৰ দূৰত্ব হ্ৰাস কৰি চৰকাৰী কাম-কাজ সুলভ কৰি তুলিছে যদিও বিহালীৰ দীৰ্ঘদিনীয়া বৰগাঙ নগৰ ঘোষণা দাবী আৰু বিজেপি মিত্ৰজোঁট চৰকাৰৰ ঘোষণাক কাৰ্যকৰী কৰিবলৈ দাবী জনাইছে ৷

9586fa52-e838-418a-96db-394f4ab33efb

বিহালী