/asomiyapratidin/media/media_files/2025/08/26/web-ap-bjp-2-2025-08-26-17-23-26.jpg)
ডিজিটেল সংবাদ, বিহালীঃ ৰাজ্যৰ আন আন প্ৰান্তৰ সমান্তৰালভাৱে অচিৰেই বিহালীৰ নিজ বাঘমাৰীতো চলিব প্ৰশাসনৰ উচ্ছেদ অভিযান। ইতিমধ্যে উচ্ছেদৰ জাননী প্ৰদান কৰিছে বিশ্বনাথ জিলা প্ৰশাসনে৷
উচ্ছেদৰ জাননী লাভ কৰাৰ পিছতে বিহালীৰ বাঘমাৰীত ঘৰ ভাঙি সা-সম্পত্তি লৈ আতৰি গৈছে বেদখলকাৰী৷ পিছে উচ্ছেদ অভিযানৰ পৰা সাৰি নগ'ল বিজেপি নেতা। উচ্ছেদ হবলগীয়া নিজ বাঘমাৰী অঞ্চলটোৰ বেদখলকাৰীকৃত ভূমিত আছে বিজেপি নেতা ইউনুছ নবীৰ বাসগৃহ।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/08/26/capturev-2025-08-26-17-25-51.jpg)
ইউনুছ নবী বিহালী বিধানসভা সমষ্টিৰ বিজেপিৰ ৪৩নং বুথৰ সভাপতি আৰু জৰাবাৰী গাওঁ পঞ্চায়তৰ উপ সভাপতি। ২৬৫ বিঘা মাটি বেদখল মুক্ত কৰাৰ বাবে প্ৰশাসনে ৪৩৩টা পৰিয়াল লৈ জাননী প্ৰেৰণ কৰাৰ কথা উল্লেখ কৰিছে যদিও অঞ্চলটোত ৬৬৭ ঘৰ মানুহ আছে বুলি দাবী কৰিছে ৩ নং ৱাৰ্ডৰ সদস্য ইউনুছ নবীয়ে ৷
/filters:format(webp)/asomiyapratidin/media/media_files/2025/08/26/capturegggg-2025-08-26-17-26-16.jpg)
ইফালে, জাননী পোৱাৰ পিছতে পঞ্চায়তৰ উপসভাপতি ইউনুছ নবীয়েও অন্যস্থানলৈ ঘৰৰ বয়বস্তু আৰু সা-সামগ্ৰী স্থানান্তৰিত কৰিছে ৷ উল্লেখযোগ্য যে, প্ৰশাসনে ১৫ দিনৰ সময় সীমা প্ৰদান কৰিছে বেদখলকাৰীক ৷
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us