/asomiyapratidin/media/media_files/2025/12/28/1-2025-12-28-08-10-20.jpg)
ডিজিটেল ডেস্কঃ বিশ্বনাথৰ বাঘমাৰিত জিলা প্ৰশাসনৰ বৃহৎ উচ্ছেদ অভিযান ৷ মুঠ ৭৩২ টা পৰিয়াললৈ যোৱা আগষ্ট মাহতে জিলা প্ৰশাসনে বেদখলকাৰীক জাননী প্ৰেৰণ কৰিছিল।কিন্তু উচ্চ ন্যায়লয়ৰ কাষ চপাৰ বাবে এই উচ্ছেদ স্থগিত আছিল।অৱশেষত ন্যায়লয়ৰ কাষ চপা ৬৮ পৰিয়াল বাদ দি বাকি থকা ৬৬৪ টা ঘৰত ইতিমধ্যে আৰম্ভ কৰিছে উচ্ছেদ অভিযান।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/28/whatsapp-image-2025-12-28-08-10-51.jpeg)
এই বেদখলকাৰী সকলে ২০৩ আৰু ১৮৯ নং দাগৰ মুঠ ২৬৫ বিঘা VGR ভূমি দখল কৰি ৰাখিছিল।ইতিমধ্যে জিলা প্ৰশাসনে এক বৃহৎ আৰক্ষীৰ দল,জেচিপি লৈ আৰম্ভ কৰিছে উচ্ছেদ অভিযান।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/28/whatsapp-image-2025-12-28-08-11-24.jpeg)
ইতিমধ্যে উচ্ছেদৰ বাবে ৫ টা জ'নত ভাগ কৰা হৈছে সমগ্ৰ অঞ্চল ৷ বিশ্বনাথ জিলাৰ আয়ুক্তই উচ্ছেদৰ বাবে তৈয়াৰ কৰা ৫ টা জ'নৰ বাবে অতিৰিক্ত আয়ুক্ত অসীম বুঢ়াগোঁহাই আৰু বিহালী সম জিলা আয়ুক্ত প্ৰভাত পেগুৰ নেতৃত্বত নিয়োগ কৰিছে চৰকাৰী বিষয়া-কৰ্মচাৰীক ৷ বাঘমাৰীৰ পাৱাগ্ৰীড প্ৰকল্পৰ সমীপত মজুত কৰি ৰখা ২০ খনকৈও অধিক বুল'ডজাৰেৰে চলালে উচ্ছেদ ৷ পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে দাতিকাষৰীয়া কেইবাখনো জিলাৰ পৰা অনা হৈছে সহস্ৰাধিক সুৰক্ষাকৰ্মী৷
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us