বিহালী শিশুৰ সলিল সমাধি

বিহালী আৰক্ষী থানাৰ অন্তৰ্গত চেৰেলীয়া হাতীমৰা পথাৰৰ নিবাসী ৰামেশ্বৰ হাঞ্চেৰ একমাত্ৰ ১ বছৰ ৭মহীয়া পুত্ৰ সন্তান হাৰবামন হাঞ্চে বিহালী নদীত পৰি সলিল সমাধি ঘটে

author-image
Asomiya Pratidin
New Update
dangor-khobr-19

ডিজিটেল সংবাদ, বিহালী : বিহালী আৰক্ষী থানাৰ অন্তৰ্গত চেৰেলীয়া হাতীমৰা পথাৰৰ নিবাসী ৰামেশ্বৰ হাঞ্চেৰ একমাত্ৰ ১ বছৰ ৭মহীয়া পুত্ৰ সন্তান হাৰবামন হাঞ্চে বিহালী নদীত পৰি সলিল সমাধি ঘটে ৷ জানিব পৰামতে- যোৱা শুক্ৰবাৰে বিয়লি প্ৰায় ৩.৩০ মান বজাত ঘৰৰ পৰা অকলে ওলাই গৈ বিহালী নদীৰ কাষত খেলি থকা অৱস্থাত শিশুটি নদীত পৰাত নদীৰ প্ৰবৱল সোঁতে শিশুটোক উটুৱাই লৈ যায়।

পৰবৰ্তী সময়ত পৰিয়ালৰলোকে স্বগৃহত সন্তানক দেখা নাপাই হুৱাদুৱা লাগে ৷  প্ৰায় দুঘন্টা সময় বিচাৰ কৰাৰ পিছত ডেৰ কিলোমিটাৰ নিলগত বিহালী নদীৰ বুকুত শিশুটোৰ মৃতদেহ উদ্ধাৰ হয় ৷

স্থানীয় লোকৰ পৰা জানিব পৰামতে- বিহালী নদীত মৎস্য চিকাৰ কৰি থকা একাংশ মাছমৰীয়াই নদীৰ পানীত এক শিশুৰ নিথৰ দেহ উপঙি থকা দেখি ততাতৈয়াকৈ উদ্ধাৰ কৰি বিহালী আৰক্ষী আৰু সন্তানটোৰ পিতৃ-মাতৃক খবৰ দিয়ে ৷ ইফালে স্থানীয় গঁঞা ৰাইজে শিশুটো নদীৰ বুকুৰ পৰা উদ্ধাৰ কৰি স্থানীয় বৰগাং কেথলিক চিকিৎসালয়ত ভৰ্তি কৰাই যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে ৷

ইফালে বিহালী আৰক্ষীয়ে মৃতদেহ মৰণোত্তৰ পৰীক্ষা বাবে বিহালী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ প্ৰেৰণ ৷ আনহাতে দেওবাৰে দিনৰ ভাগত বিহালী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত মৃতদেহ মৰোণত্তৰ পৰীক্ষা সম্পন্ন হোৱাৰ পিছত সামাজিক নীতি পৰম্পৰা অনুসৰি মৃতদেহ সৎকাৰ কৰে ৷ বিহালী নদীৰ পানীত পৰি এক ১ বছৰীয়া ৭ মহীয়া দেৱশিশুৰ অকাল মৃত্যু শোকত সমগ্ৰ অঞ্চলটোত গভীৰ শোকৰ ছাঁ পৰিছে ৷

বিহালী