সাংবাদিকক আক্ৰমণকাৰীক বিজেপিৰ অনুসূচিত জাতি মৰ্চাৰ ৰাজ্যিক কাৰ্যনিবাহক সদস্য নিযুক্তি

সমাগত ২০২৬ অসম বিধান সভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে-লগে প্ৰতিটো ৰাজনৈতিক দল সমুহৰ মাজত বৃদ্ধি পাইছে ব্যাপক নিৰ্বাচনী তৎপৰতা ৷

author-image
Asomiya Pratidin
New Update
dxdssdsdsdsd

ডিজিটেল সংবাদ, বিহালীঃ সমাগত ২০২৬ অসম বিধান সভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে-লগে প্ৰতিটো ৰাজনৈতিক দল সমুহৰ মাজত বৃদ্ধি পাইছে ব্যাপক নিৰ্বাচনী তৎপৰতা ৷ স্বাভাৱিকতে ৰাজ্যৰ বিৰোধী দল সমুহৰ তুলনাত শাসকীয় ভাৰতীয় জনতা দলে অধিক ক্ষীপ্ৰতাৰে দলীয় সাংগঠনিক ভেঁটি সৱল কৰাৰ বাবে লক্ষ্য বান্ধি সাংগঠনিক বুনিয়াদী ভেঁটি শক্তিশালীকৰণ প্ৰক্ৰিয়া অব্যাহত ৰাখিছে৷

তাৰমাজতে যোৱা ৩ ডিচেম্বৰ তাৰিখে শাসকীয় ভাৰতীয় জনতা দলৰ ভাতৃ সংগঠন অনুসূচিত জাতি মৰ্চাই BJPAP/SMC/EM/2025/L-10 পত্ৰযোগে গুৱাহাটীৰ অপূৰ্ব বৈশ্য, শিৱসাগৰ জিলাৰ অবনী মোহন দাস, নগাওঁ জিলাৰ দিগন্ত কুমাৰ বনীয়া আৰু বিশ্বনাথ জিলাৰ ৰিদিপ দাসক ৰাজ্যিক কাৰ্যনিবাহৰ দ্বায়িত্ব অৰ্পণ কৰাৰ পিছতেই বিশ্বনাথ জিলাৰ সচেতন নাগৰিকৰ মাজত ব্যাপক প্ৰতিক্ৰিয়া সৃষ্টি হৈছে ৷ 

ৰাজ্যৰ শাসকীয় বিজেপি দলে অনুসূচিত জাতি মৰ্চাৰ ৰাজ্যিক কাৰ্যনিবাহক সদস্য হিচাপে বিশ্বনাথ জিলাৰ বিহালী বিধান সভা সমষ্টিৰ ৰিদিপ দাস নামৰ এজন যুৱকক কাৰ্যনিবাহ সদস্য হিচাপে নিযুক্তি দিয়া পত্ৰ পোহৰলৈ অহাৰ লগে লগে দেধাৰ প্ৰশ্ন উত্থাপন হৈছে ৷ উত্থাপিত অভিযোগ অনুসৰি, শাসকীয় বিজেপি দলৰ ভাতৃ সংগঠনৰ অনুসূচিত জাতি মৰ্চাৰ কাৰ্যনিবাহ সদস্য হিচাপে নিযুক্তি দিয়া বিশ্বনাথ জিলাৰ বিহালীৰ ৰিদিপ দাস নামৰ যুৱক জনে বিগত সময়ছোৱাত বিহালীত বিভিন্ন ধৰণে সন্ত্ৰাস চলাই সামাজিক পৰিৱেশ বিনষ্ট কৰাৰ ঘটনাৰে জড়িত ৷

তদুপৰি দেশৰ চতুৰ্থ স্তম্ভ সংবাদ মাধ্যম আক্ৰমণকাৰী হিচাপে খ্যাত সদ্য নিযুক্ত ৰাজ্যিক বিজেপি অনুসূচিত জাতি মৰ্চাৰ কাৰ্যনিবাহক সদস্য ৰিদিপ দাস ৷ প্ৰাপ্ত তথ্য অনুসৰি- বিগত ২০২২ চনত বিহালীৰ বৰগাং নদীৰ বুকুৰ বনজ সম্পদৰ চোৰাং বেহা সন্দৰ্ভত এক বাতৰি সংবাদ মাধ্যমত প্ৰকাশ হোৱাক লৈ ৰিদিপ দাস নামৰ উদণ্ড যুৱক জনে বিহালীৰ দুগৰাকী সাংবাদকৰ্মীৰ উপৰত ভূৱা গোচৰ ৰুজু কৰাৰ দৰে জঘন্যকাণ্ড সংঘটিত কৰিছিল৷

উল্লেখযোগ্য যে, ২০২৩ চনৰ নবেম্বৰ মাহত বালি -শিল চোৰাং বেহা সন্দৰ্ভত তথ্য সহকাৰে সংবাদ মাধ্যমত বাতৰি প্ৰকাশ হোৱাক লৈ বিহালীৰ এজন সাংবাদিক সন্ধ্যা পৰত কৰ্তবয সামৰি হোটেলত খাদ্য গ্ৰহণ কৰি ওলাই অহাৰ সময়ত দক্ষিণ ভাৰতৰ চিনেমাৰ গুণ্ডা দৰে চাৰিচকীয়া এল্ট' বাহন এখনৰে আহি সাংবাদিকক শাৰিৰীকভাৱে আক্ৰমণ চলোৱাৰ দৰে জঘন্যকাণ্ডৰে জড়িত থকাৰ অভিযোগ ৰিদিপ দাসৰ বিৰুদ্ধে ৷ লগতে বিগত ২০০৭ চনত সদৌ অসম ছাত্ৰ সন্থাৰ বিহালী আঞ্চলিক সমিতিৰ পৰা সংগঠন বিৰোধী কাম কাজ কৰাৰ অভিযোগ প্ৰমাণিত হোৱাত বিহালী আঞ্চলিক ছাত্ৰ সন্থাই বহিস্কাৰ কৰিছিল ৰিদিপ দাসক৷

ইমানেই নহয়, ২০০৯ চনত বিহালীৰ বৰগাং দৈনিক বজাৰৰ ছাগলী মাংস বেপাৰীৰ পৰা দম-ভাবুকি দি ছাগলী মাংস অনাৰ দৰে নিকৃষ্ট কৰ্মকাণ্ড সংঘটিত কৰাৰ অভিযোগ আছে এই ৰিদিপ দাস নামৰ সদ্য নিযুক্ত ৰাজ্যিক অনুসূচিত জাতি মৰ্চাৰ কাৰ্যনিবাহক সদস্যৰ বিৰূদ্ধে ৷ আনকি ৰাজ্যিক অনুসূচিত জাতি মৰ্চাৰ সদ্য নিযুক্ত কাৰ্যনিবাহক সদস্য ৰিদিপ দাসৰ কৃতী ইমানতে অন্ত পৰা নাই৷ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল নেতৃত্বাধীন বিজেপি চৰকাৰৰ প্ৰথম কাৰ্যকালত অসম ৰাজ্যিক পৰিবহন নিগমৰ অধীনত বিহালীৰ বৰগাঙৰ বাছ আস্থান পুনঃনিৰ্মাণ কৰাৰ সময়ত বিভিন্ন ধৰণে নিৰ্মাণ কাৰ্যত বাধা আৰোপ কৰাৰ অভিযোগত অসম ৰাজ্যিক পৰিবহন বিভাগৰ বিশ্বনাথ সংমণ্ডলৰ উপ-পৰিদৰ্শক বিষয়াই ৰিদিপ দাসৰ বিৰূদ্ধে বিহালী আৰক্ষী থানাত এজাহাৰ দাখিল কৰি গোচৰ ৰুজু কৰিব লগা পৰিস্থিতি সৃষ্টি কৰাৰো কৃতিত্ব আছে৷

বিহালী সমাজ জীৱনৰ বিভিন্ন ঘটনাৰে নাম জড়িত ৰিদিপ দাসক ৰাজ্যিক বিজেপি অনুসূচিত জাতি মৰ্চাৰ কাৰ্যনিবাহ সদস্য নিযুক্তি দিয়া পত্ৰ জিলা খনত বিয়পি পৰাৰ লগে-লগে ৰাজনৈতিকভাৱে সচেতন ব্যক্তি আৰু একাংশ বিজেপি দলৰ নেতা কৰ্মীৰ মাজতো বিৰূপ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে৷ গুৰুত্বপূৰ্ণ যে, গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ স্বৰূপ সংবাদ আৰু সাংবাদিক আক্ৰমনকাৰী, চৰকাৰী কাম-কাজত বাধা সৃষ্টিকাৰীৰ উপৰিও সমাজিক বাতাৱৰণ বিনষ্টকাৰী যুৱকক বিজেপি দলৰ ভাতৃ সংগঠনৰ কাৰ্যনিবাহক সদস্য হিচাপে নিযুক্তি দিয়া বিষয়টো বিশ্বনাথত বেচ চৰ্চা লাভ কৰিছে ৷

বিজেপি যুৱ মৰ্চা বিজেপি অসম বিজেপি