বিহালীত শোকাৱহ ঘটনাঃ দ খাৱৈত পৰি মৃত্যু কিশোৰৰ...

বিহালী আৰক্ষী থানাৰ বেদেতী কছাৰীলাইন পথাৰত থকা এটা দ খাৱৈত  পৰি সলিল সমাধি ঘটিল বিবেক গোৱালা নামৰ প্ৰায় ১১বছৰীয়া এটা কিশোৰৰ। কালিৰে পৰা নিৰুদ্দেশ  হৈ আছিল কিশোৰজন । 

author-image
Asomiya Pratidin
New Update
বিহালীত শোকাৱহ ঘটনাঃ দ খাৱৈত পৰি মৃত্যু কিশোৰৰ...

ডিজিটেল সংবাদ বিহালীঃ বিহালী আৰক্ষী থানাৰ অন্তৰ্গত বেদেতী কছাৰীলাইন পথাৰত থকা এটা দ খাৱৈত  পৰি সলিল সমাধি ঘটিল বিবেক গোৱালা নামৰ প্ৰায় ১১বছৰীয়া এটা কিশোৰৰ। প্ৰাপ্ত তথ্য অনুসৰি বুধবাৰে দিনৰ ২ বজাৰ পৰা নিৰুদ্দেশ  হৈ আছিল কিশোৰজন । 

ঘৰৰ মানুহে বিভিন্ন ঠাইত কিশোৰজনক বিচাৰি নাপাই আৰক্ষীক অৱগত কৰে। আজি পুৱা  গৰু এৰাল দিবলৈ অহা লোকে পথাৰৰ মাজত থকা দ খাৱৈটোত প্ৰত্যক্ষ কৰে নিৰুদ্দিষ্ট বিবেক গোৱালাৰ মৃতদেহ। তাৰ পাছতেই ঘটনা সন্দৰ্ভত আৰক্ষীক খবৰ দিয়া হয় আৰু আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰে।

উল্লেখযোগ্য যে বিভিন্ন সময়ত ইটা ভাটাসমূহে কৃষি ভূমিত খনন কৰাৰ ফলতে এইদৰে পথাৰৰ মাজত দ খাৱৈৰ সৃষ্টি হৈছে। এনে এটা খাৱৈতে পৰি বিবেক গোৱালা নামৰ কিশোৰজনৰ মৃত্যু হয় বুলি আদিবাসী ছাত্ৰ সন্থাই দাবী কৰিছে। ইয়াৰ পূৰ্বেও ইটা ভাটাসমূহে মাটি খান্দি সৃষ্টি কৰা পুখুৰী তথা দ খাৱৈত এইদৰে পৰি বিভিন্নজনৰ মৃত্যু হৈছে যদিও প্ৰশাসনে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উঠিছে। তাৰ মাজতেই বিবেক নামৰ এই ১১ বছৰীয়া কিশোৰটিৰ মৃত্যুৱে চাঞ্চল্য সৃষ্টি কৰিছে। 

বিহালী