/asomiyapratidin/media/media_files/2025/11/11/bihar-2025-11-11-12-19-56.png)
ডিডিটেল ডেস্কঃ পুৱাৰে পৰা শান্তিপূৰ্ণভাৱে চলি আছে বিহাৰ বিধানসভা নিৰ্বাচনৰ অন্তিম তথা দ্বিতীয় পৰ্যায়ৰ ভোট গ্ৰহণ । নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি পুৱা ১বজালৈকে ৰাজ্যখনত ভোটদানৰ হাৰ হৈছে- ৪৭.৬৩শতাংশ। প্ৰাপ্ত তথ্য মতে, ৰাজ্যখনত দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত সৰ্বাধিক ভোটাধিকাৰ সাব্যস্ত হৈছে কিষাণগঞ্জ জিলাত। জিলাখনত ১বজালৈকে ৫১.৮৬ শতাংশ।
উল্লেখ কৰা প্ৰয়োজন যে, নীতিশ কুমাৰ মন্ত্ৰীসভাৰ ১৪ জনকৈ মন্ত্ৰীৰ আজি ভাগ্য নিৰ্ণয় হ’ব। অন্তিম পর্যায়ত ৰাজ্যখনৰ ২০খন জিলাত ৩ কোটি ৭০ লাখৰো অধিক ভোটদাতাই ১৩০২ গৰাকী প্ৰাৰ্থীৰ ৰাজনৈতিক ভাগ্য নির্ণয় কৰিব। ইয়াৰ ভিতৰত ১৩৪ গৰাকী মহিলা প্রার্থীও আছে। ৪৫ হাজাৰ ভোটগ্রহণ কেন্দ্রত ভোটগ্রহণ অনুষ্ঠিত হ'ব।
১২২টা সমষ্টিত অনুষ্ঠিত হৈছে দ্বিতীয় তথা অন্তিম পৰ্যায়ৰ ভোটগ্রহণ। পুৱা ৭ বজাৰ লগে লগে আৰম্ভ হৈছে ভোটগ্রহণ প্ৰক্ৰিয়া। সন্ধিয়া ৬ বজাত ভোটদানৰ সামৰণি পৰিব। নির্বাচন আয়োগে এই নির্বাচন শান্তিপূর্ণ, স্বচ্ছ আৰু নিকাকৈ অনুষ্ঠিত কৰাৰ বাবে সকলো ব্যৱস্থা গ্রহণ কৰিছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us