মুম্বাই অভিমুখী বিমানত সহযাত্রীক আদৰিলে ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰীয়ে...

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ আমন্ত্ৰণত ব্রিটেইনৰ প্রধানমন্ত্রী কীৰ ষ্টাৰমাৰ তেওঁৰ এইটোৱেই প্ৰথম আনুষ্ঠানিক ভাৰত ভ্ৰমণ বুলি বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ প্ৰকাশ...

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল ডেস্কঃ  আজি দুদিনীয়া ভ্রমণসূচীৰে ভাৰতলৈ আহিব ব্রিটেইনৰ প্রধানমন্ত্রী কীৰ ষ্টাৰমাৰ।বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ৰ তথ্য অনুসৰি, কাইলৈ মুম্বাইত প্রধানমন্ত্রী নৰেন্দ্র মোডী আৰু ব্রিটেইনৰ প্রধানমন্ত্রী ষ্টাৰমাৰে ভিজন ২০৩৫ৰ ৰূপৰেখা প্ৰস্তুত কৰাৰ বাবে ভাৰত আৰু ব্রিটেইনৰ সর্বাত্মক কৌশলগত সহযোগিতাৰ অধীনত ৰূপায়িত বিভিন্ন কাৰ্যসূচীৰ অগ্রগতিৰ পৰ্যালোচনা কৰিব।

মঙলবাৰে ভাৰত ভ্ৰমণৰ বাবে বিমানত উঠাৰ পিছত কীৰ ষ্টাৰমাৰে ককপিটৰ পৰা সহযাত্ৰীসকলক সম্বোধন কৰে। তেওঁৰ ইনষ্টাগ্ৰাম হেণ্ডেলত এটা ভিডিঅ’ শ্বেয়াৰ কৰি ষ্টাৰমাৰে কয় যে, "ককপিটত আছে এগৰাকী প্ৰধানমন্ত্ৰী। মুম্বাই অভিমুখী বি এ বিমান ৯১০০ লৈ আপোনালোকক উষ্ম আদৰণি জনাইছো।আপোনালোকক অনব’ৰ্ড কৰাতো সঁচাকৈয়ে কল্পনাতীত গতিকে। সকলোৱে নিৰাপদ বিমানখন উপভোগ কৰক আৰু মই উৰা মাৰিলেই আপোনালোকক অধিক তথ্য দিম।"

উল্লেখ্য যে, কীৰ ষ্টাৰমাৰৰ এই সম্বোধনে বিমানত সকলোকে আচৰিত কৰি তোলে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ আমন্ত্ৰণত তেওঁৰ এইটোৱেই প্ৰথম আনুষ্ঠানিক ভাৰত ভ্ৰমণ বুলি বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে প্ৰকাশ কৰিছে।

এই অংশীদাৰিত্বৰ জৰিয়তে বাণিজ্য আৰু বিনিয়োগ, প্রযুক্তি আৰু উদ্ভাবন, প্রতিবক্ষা আৰু নিৰাপত্তা, জলবায়ু আৰু শক্তি, স্বাস্থ্য, শিক্ষা আৰু জনসাধাৰণৰ মাজৰ পাৰস্পৰিক সম্পৰ্কৰ দৰে গুৰুত্বপূর্ণ বিষয়সমূহক অগ্রাধিকাৰ প্রদানেৰে উভয় দেশে ১০ বছৰীয়া সময় নির্ধাৰিত কাৰ্যসূচী গ্ৰহণ কৰিছে।

উল্লেখ্য যে, দুয়োগৰাকী নেতাই পৰস্পৰ স্বাৰ্থজড়িত বিষয়সমূহৰ ক্ষেত্ৰত মত বিনিময় কৰাৰ লগতে দুয়ো দেশৰ মাজৰ অৰ্থনৈতিক আক বাণিজ্য চুক্তি সন্দৰ্ভত আলোকপাত কৰাৰ উদ্দেশ্যে ব্যৱসায়িক আৰু ঔদ্যোগিক ক্ষেত্ৰৰ নেতৃস্থানীয় লোকসকলৰ সৈতে বাৰ্তালাপতো অংশ ল'ব।

 দুয়োগৰাকী প্রধানমন্ত্রীয়ে মুম্বাইত হ'বলগীয়া গ্লোবেল ফিনটেক ফেষ্টৰ ষষ্ঠ সংস্কৰণত অংশগ্রহণ কৰিব। ব্রিটেইনৰ প্ৰধানমন্ত্ৰী ষ্টাৰমাৰৰ এই ভ্রমণে ভাৰত আৰু ব্রিটেইনৰ মাজৰ সম্পর্ক ত্বরান্বিত কৰিব বুলি আশা কৰা হৈছে।

নৰেন্দ্ৰ মোডী