ক'ত আছে ৫৫০০ একৰত বিস্তৃত, এছিয়াৰ দীঘলতম ৰাণৱেৰে সজ্জিত এই বিমানবন্দৰটো?

এই বিমানবন্দৰত বছৰি ৩৪ নিযুত যাত্ৰী চলাচলৰ ক্ষমতা আছে। ২০২২-২৩ বৰ্ষত ইয়াৰ পৰা প্ৰায় ২ কোটি ১০ লাখ যাত্ৰীয়ে চলাচল কৰিছিল।

author-image
Asomiya Pratidin
New Update
WhatsApp Image 2025-08-13 at 3.02.02 PM

ডিজিটেল ডেস্কঃ সম্প্ৰতি বিমান পৰিবহণ খণ্ডত ভাৰত মহাশক্তি হিচাপে আত্মপ্ৰকাশ কৰিছে। ভাৰতত প্ৰতি বছৰে নতুন নতুন বিমানবন্দৰ নিৰ্মাণ কৰা হৈ আছে। পিছে আপুনি ভাৰতৰ আটাইতকৈ ডাঙৰ বিমান বন্দৰটোৰ কথা জানেনে?

Advertisment

ভাৰতীয় বিমান পৰিবহণ খণ্ডত এক নতুন গৌৰৱৰ অধ্যায় খোদিত কৰি হায়দৰাবাদৰ ৰাজীৱ গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰে দেশৰ আটাইতকৈ ডাঙৰ বিমানবন্দৰৰ স্বীকৃতি লাভ কৰিছে। ছামছাবাদত থকা এই বিমান বন্দৰটো দেখাত এখন সৰু চহৰৰ দৰে। ৫৫০০ একৰৰো অধিক এলেকাত বিস্তৃত এই বিমানবন্দৰটোত আছে এছিয়াৰ আটাইতকৈ দীঘল ৪,২৬০ মিটাৰ ৰাণৱে, য’ত এয়াৰবাছ এ-৩৮০ৰ দৰে বৃহৎ বিমানো অনায়াসে অৱতৰণ কৰিব পাৰে।

এই বিমানবন্দৰত বছৰি ৩৪ নিযুত যাত্ৰী চলাচলৰ ক্ষমতা আছে। ২০২২-২৩ বৰ্ষত ইয়াৰ পৰা প্ৰায় ২ কোটি ১০ লাখ যাত্ৰীয়ে চলাচল কৰিছিল। ই হৈছে ভাৰতৰ প্ৰথম বিমানবন্দৰ য’ত ই-বৰ্ডিঙৰ সুবিধা আৰম্ভ কৰা হৈছিল।

যাত্ৰীসকলৰ সুবিধাৰ বাবে বিমানবন্দৰটোত আছে ৮৩টা পাৰ্কিং, ১০টা এৰ’ব্ৰিজ, ৪৬টা ইমিগ্ৰেচন কাউণ্টাৰ আৰু ৯৬টা চেক-ইন কাউণ্টাৰ। লগতে বিনামূলীয়া ৱাই-ফাই, ডিউটি ফ্ৰী শ্বপিং, বেবী কেয়াৰ ৰুম, জৰুৰীকালীন চিকিৎসা সেৱা, ফাৰ্মাচী আদি সুবিধাও উপলব্ধ।

উল্লেখযোগ্য যে, বিশ্বৰ শীৰ্ষ ১০ বিমানবন্দৰৰ তালিকাত ৮ম স্থান দখল কৰা এই বিমানবন্দৰটোত ভৱিষ্যতৰ প্ৰয়োজনীয়তা আগত ৰাখি নতুন টাৰ্মিনেল আৰু ৰাণৱে নিৰ্মাণৰ কাম চলি আছে। এই কাম সম্পূৰ্ণ হ’লে বিমান বন্দৰটোৰ পৰা বাৰ্ষিক যাত্ৰী চলাচলৰ ক্ষমতা ৪.৫ কোটিলৈ বৃদ্ধি পাব। লগতে নতুন কাৰ্গো টাৰ্মিনেল আৰু মাল্টিম’ডাল ট্ৰেনজিট নিৰ্মাণৰ পৰিকল্পনাও গ্ৰহণ কৰা হৈছে।

বিমান পৰিবহন বিমান বন্দৰ