কাইলৈৰ পৰা ইউপিআই পেমেণ্টত সলনি হ'ব নিয়ম...

কাইলৈৰ পৰা ইউপিআই পেমেণ্ট একেবাৰতে ১০ লাখ টকালৈ কৰিব পাৰিব। ইয়াৰ লগে লগে ইউ পি আইৰ জৰিয়তে ডাঙৰ লেনদেন কৰাটো আৰু অধিক সহজ হৈ পৰিছে। 

author-image
Asomiya Pratidin
New Update
dfdsfsdsdsd

ডিজিটেল ডেস্কঃ ভাৰতীয় ৰাষ্ট্ৰীয় পেমেণ্ট নিগমে (NPCI) ১৫ ছেপ্টেম্বৰৰ পৰা কেইবাটাও নিয়মৰ পৰিৱৰ্তন কৰিছে। কাইলৈৰ পৰা ইউপিআই পেমেণ্ট একেবাৰতে ১০ লাখ টকালৈ কৰিব পাৰিব। ইয়াৰ লগে লগে ইউ পি আইৰ জৰিয়তে ডাঙৰ লেনদেন কৰাটো আৰু অধিক সহজ হৈ পৰিছে। 

এই নতুন সীমা বৃদ্ধিৰ ফলত বিশেষকৈ শিক্ষা, স্বাস্থ্যসেৱা, ভ্ৰমণ, কনষ্ট্ৰাকচন আদি খণ্ডৰ লোকসকল উপকৃত হ’ব। ইউপিআইৰ জৰিয়তে ডাঙৰ লেনদেন কৰাটো এতিয়া অধিক সহজ আৰু সুৰক্ষিত হ’ব বুলি আশা প্ৰকাশ কৰিছে নিগমে।

ইফালে, মূলধনী বজাৰত বিনিয়োগ আৰু বীমা প্ৰিমিয়াম পৰিশোধৰ সীমাও ২ লাখৰ পৰা ৫ লাখলৈ বৃদ্ধি কৰা হৈছে। নতুন নিয়মৰ অধীনত মূলধনী বজাৰ, বীমা প্ৰিমিয়াম, ক্ৰেডিট কাৰ্ড বিল পৰিশোধ, ভ্ৰমণ আৰু চৰকাৰী ই-মাৰ্কেটপ্লেচ (জিইএম) আদি শিতানত প্ৰতি লেনদেনৰ সীমা ২ লাখৰ পৰা ৫ লাখ টকালৈ বৃদ্ধি কৰা হৈছে। এতিয়াৰে পৰা এদিনতে ১০ লাখ টকা পৰ্যন্ত লেনদেন কৰিব পাৰিব।

একেদৰে, ইউপিআইৰ জৰিয়তে গহনা ক্ৰয়ৰ সীমা বৃদ্ধি কৰি প্ৰতিটো লেনদেনত ২ লাখ টকালৈ বৃদ্ধি কৰা হৈছে। পূৰ্বতে ইয়াৰ সীমা আছিল ১ লাখ টকা। এই শিতানত প্ৰতিদিনে ৬ লাখ টকাতকৈ অধিক লেনদেন কৰিব নোৱাৰিব।

আনহাতে, ডিজিটেল অনবৰ্ডিঙৰ জৰিয়তে ফিক্সড ডিপ’জিটৰ দৰে বেংকিং সেৱাৰ বাবেও প্ৰতিদিনে প্ৰতি লেনদেনত ৫ লাখ টকালৈ সীমা বৃদ্ধি কৰা হৈছে। অৱশ্যে পি টু পি পেমেণ্টৰ সীমা প্ৰতিদিনে ১ লাখ টকা হৈ থাকিব। ইউপিআই লেনদেনৰ সীমা বৃদ্ধিয়ে বৃহৎ লেনদেন সহজ কৰি ব্যৱহাৰকাৰীৰ অভিজ্ঞতা উন্নত কৰাৰ বাবে এনপিচিআইৰ প্ৰতিশ্ৰুতি প্ৰতিফলিত কৰে। এই পদক্ষেপে বহুতো ভিন্ন খণ্ডত পেমেণ্ট প্ৰক্ৰিয়া সহজ কৰি তুলিব, যিয়ে গ্ৰাহক আৰু ব্যৱসায়ী উভয়কে উপকৃত কৰিব।

ইউপিআইৰ