শনিবাৰেই শনি আঁতৰিব নেকি ৰাহুল আৰু ছোনিয়া গান্ধীৰ জীৱনৰ পৰা...

ছোনিয়া গান্ধী আৰু ৰাহুল গান্ধীৰ বাবে আজি এটা অতিকৈ গুৰুত্বপূৰ্ণ দিন।  নেশ্যনেল হেৰাল্ডৰ ধন সৰবৰাহৰ গোচৰত ইডি অভিযোগনামাৰ সন্দৰ্ভত আজি আদালতে ৰায় প্ৰদান কৰিব।  দিল্লীৰ ৰাউজ এভিনিউ আদালতে

author-image
Asomiya Pratidin
New Update
tthhdd

ডিজিটেল ডেস্কঃ ছোনিয়া গান্ধী আৰু ৰাহুল গান্ধীৰ বাবে আজি এটা অতিকৈ গুৰুত্বপূৰ্ণ দিন।  নেশ্যনেল হেৰাল্ডৰ ধন সৰবৰাহৰ গোচৰত ইডি অভিযোগনামাৰ সন্দৰ্ভত আজি আদালতে ৰায় প্ৰদান কৰিব।  দিল্লীৰ ৰাউজ এভিনিউ আদালতে আগন্তুক সময়ত ই ডিৰ অভিযোগনামা তদন্তত ব্যৱহাৰ কৰা হ'ব নে নহয়, তাক লৈও বিচাৰ কৰিব। 

উল্লেখ কৰা প্ৰয়োজন যে,  হাই-প্ৰফাইল গোচৰত কংগ্ৰেছ সংসদীয় দলৰ অধ্যক্ষ ছোনিয়া গান্ধী, লোকসভাৰ বিৰোধী দলৰ নেতা ৰাহুল গান্ধী, ছেম পিত্রোডা, সুমন ডুবেকে ধৰি আন কেইজনমানক ধন সৰবৰাহৰ প্ৰতিৰোধ আইন (পিএমএলএ)ৰ অধীনত অভিযুক্ত হিচাপে উল্লেখ কৰা হৈছে।

আদালতে গোচৰৰ ৰেকৰ্ড পৰিদৰ্শন কৰাৰ পিছত ইডিয়ে অতিৰিক্ত স্পষ্টীকৰণ দাখিল কৰাৰ পিছত বিশেষ ন্যায়াধীশ (পিচি এক্ট) বিশাল গগনে ৭ নৱেম্বৰত নিজৰ আদেশ স্থগিত ৰাখিছিল। তাৰ পিছত আদালতে কৈছিল যে এই সমগ্ৰ লেনদেনৰ নথি-পত্ৰ, ৰচিদ, আৰু পুঁজিৰ ব্যৱহাৰ আৰ্হিৰ বিশদ পৰীক্ষা কৰাটো প্ৰয়োজনীয়। তাৰ বাবে ই ডিৰ প্ৰতিবেদন অতিকৈ গুৰুত্বপূৰ্ণ।

প্ৰতিধানযোগ্য যে, ইডিৰ অভিযোগ  কংগ্ৰেছৰ শীৰ্ষ নেতাসকলে মাত্ৰ ৫০ লাখ টকাৰ বিনিময়ত ২০০০ কোটিতকৈ অধিক মূল্যৰ এছ’চিয়েটেড জাৰ্নেলছ লিমিটেডৰ (এজেএল) সম্পত্তিৰ নিয়ন্ত্ৰণ লাভৰ কৰ্তৃত্ব কৰিছিল। ইয়াৰ বাবে "যুৱ ভাৰতীয়" নামৰ এটা কোম্পানী গঠন কৰা হয়, য'ত ছোনিয়া গান্ধী আৰু ৰাহুল গান্ধী সংখ্যাগৰিষ্ঠ শ্বেয়াৰহোল্ডাৰ।

ছোনিয়া গান্ধী