/asomiyapratidin/media/media_files/2025/12/10/whatsapp-image-2025-12-10-09-06-51.jpeg)
ডিজিটেল ডেস্কঃ দেশৰ সৰ্ববৃহৎ বিমান সংস্থা ইণ্ডিগ’ত শেহতীয়াকৈ সৃষ্টি হোৱা বিশৃংখলতাৰ সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰে অতি কঠোৰ স্থিতি গ্ৰহণ কৰিছে। অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ে ইণ্ডিগ’ৰ বিমান সেৱা ১০% হ্ৰাস কৰিবলৈ নিৰ্দেশ দিছে। ইপিনে যাত্ৰীৰ ধন ঘূৰাই দিয়াৰ লগতে অতি সোনকালে লাগেজ ঘূৰাই দিবলৈও নিৰ্দেশ দিয়ে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/10/a65a9770-dbe9-4ee5-b7ff-8084462fd7c3-2025-12-10-09-03-50.jpg)
উল্লেখ্য যে, ইণ্ডিগ’ৰ সেৱা হ্ৰাস কৰাটো প্ৰয়োজনীয় বুলি বিমান মন্ত্ৰালয়ে উল্লেখ কৰে। ইণ্ডিগ’ৰ চিইঅ’পিটাৰ এলবাৰ্ছে অসামৰিক বিমান পৰিবহণ মন্ত্ৰী ৰাম মোহন নাইডুৰ সৈতে বৈঠকত মিলিত হয়। বিমান মন্ত্ৰীগৰাকীয়ে এক্সত এটা পোষ্ট শ্বেয়াৰ কৰিছে। তাত উল্লেখ কৰিছে যে- আভ্যন্তৰীণ যোগাযোগৰ ক্ষেত্ৰত হোৱা ত্ৰুটিৰ বাবে ইণ্ডিগ’ৰ কেইবাখনো বিমান বাতিল হৈছিল। হাজাৰ হাজাৰ যাত্ৰীৰ যথেষ্ট অসুবিধাৰ সৃষ্টি হোৱাৰ লগতে বিষয়টো গুৰুতৰ হৈ পৰাৰ লগে লগে চৰকাৰে তদন্ত আৰম্ভ কৰি ইণ্ডিগ’ৰ শীৰ্ষ মেনেজমেন্টক সাক্ষাৎ কৰে।
/asomiyapratidin/media/post_attachments/997fa694-8cb.jpg)
প্ৰণিধানযোগ্য যে, অসামৰিক বিমান পৰিবহণ মন্ত্ৰীয়ে উল্লেখ কৰা মতে, ইণ্ডিগ’ৰ অত্যধিক বিমান চলাচল কৰে, যাৰ ফলত পৰিচালনাত অসুবিধাৰ সৃষ্টি হৈছে।সেয়েহে সকলো পথতে বিমান সেৱা প্ৰায় ১০% হ্ৰাস কৰাৰ নিৰ্দেশ জাৰি কৰা হৈছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us