বেদেতীৰ ধৰ্মপ্ৰাণা মহিলা বিদ্যা দেৱীৰ বিয়োগত শোক

বিশ্বনাথ জিলাৰ অন্তৰ্গত বেদেতীৰ ধৰ্মপ্ৰাণা মহিলা,আদৰ্শ মাতৃ বিদ্যা দেৱী(৭১)ৰ শুক্ৰবাৰে দিনৰ প্ৰায় ১১-৩০ বজাত বৰগাঙৰ কেথলিক মিছন হাস্পতালত চিকিৎসাধীন অৱস্থাত মৃত্যু হয়।

author-image
Asomiya Pratidin
New Update
bedaqti

ডিজিটেল সংবাদ, গহপুৰ : বিশ্বনাথ জিলাৰ অন্তৰ্গত বেদেতীৰ ধৰ্মপ্ৰাণা মহিলা,আদৰ্শ মাতৃ বিদ্যা দেৱী(৭১)ৰ শুক্ৰবাৰে দিনৰ প্ৰায় ১১-৩০ বজাত বৰগাঙৰ কেথলিক মিছন হাস্পতালত চিকিৎসাধীন অৱস্থাত মৃত্যু হয়। এক জটিল ৰোগত আক্ৰান্ত হোৱাৰ পিছত বিগত প্ৰায় আঢ়ৈ মাহ ধৰি দিল্লীৰ এপলো হাস্পতালত এক ব্যয় বহুল চিকিৎসা প্ৰদান কৰাৰ পিছত ঘৰলৈ লৈ অহা হৈছিল বিদ্যা দেৱীক।

ঘৰত এনিশা থকাৰ পিছত যোৱা ৮ নবেম্বৰত পুনৰ তেওঁক ভৰ্তি কৰোৱা হয় বৰগাঙৰ কেথলিক মিছন হাস্পতালত। কিন্তু দুৰ্ভাগ্যৰ কথা এয়ে যে কেথলিক মিছন হাস্পতালত চিকিৎসাধীন অৱস্থাত সকলোকে শোকৰ সাগৰত পেলাই শুক্ৰবাৰে মৃত্যুক আকোঁৱালি লয় বিদ্যা দেৱীয়ে।

বেদেতীৰ প্ৰতিষ্ঠিত ব্যৱসায়ী প্ৰয়াত ওম প্ৰকাশ আগৰৱালাৰ পত্নী বিদ্যা দেৱীয়ে মৃত্যুৰ সময়ত তেওঁৰ দুই পুত্ৰ ক্ৰমে মনোজ আগৰৱালা আৰু সঞ্জু আগৰৱালাৰ লগতে দুগৰাকী বোৱাৰী, এগৰাকী বিবাহিতা জীয়াৰী, এগৰাকী জোঁৱাই, একমাত্ৰ দেওৰ সুভাষ আগৰৱালা, এগৰাকী জা-জোৱালী আৰু কেইবাগৰাকীও ভতিজী-ভতিজা,নাতি-নাতিনীক ইহ-সংসাৰত এৰি থৈ গৈছে। এগৰাকী ধৰ্মপ্ৰাণা মহিলা হিচাপে সু-পৰিচিত বিদ্যা দেৱীক এগৰাকী আদৰ্শ মাতৃ হিচাপেও সকলোৱে শ্ৰদ্ধা কৰে।

অতিথিপৰায়ণতা আছিল তেওঁৰ আন এক মহৎ গুণ। এটা যৌথ পৰিয়ালক নেতৃত্ব দি সুচাৰুভাৱে ঘৰ-সংসাৰ চলাই অহা বিদ্যা দেৱী সকলোৰে প্ৰিয়ভাজন আছিল। তেওঁৰ মৃত্যুত সমগ্ৰ বেদেতী অঞ্চলত গভীৰ শোকৰ ছাঁ পৰিছে ।

তেওঁৰ মৃত্যুৰ বাতৰি বিয়পি পৰাৰ লগে লগে অগণন গুণমুগ্ধ, স্থানীয় ৰাইজৰ লগতে আত্মীয়-কুটুম তেওঁৰ বাসগৃহত উপস্থিত হৈ বিদ্যা দেৱীৰ নশ্বৰদেহত শেষ শ্ৰদ্ধা নিবেদন কৰে। কাইলৈ বুৰৈ নৈৰ পাৰত তেওঁৰ শেষ কৃত্য সম্পন্ন কৰা হ'ব।

গহপুৰ