উজান বজাৰৰ ভূপেন্দ্ৰ কুমাৰ বৰাৰ মৃত্যু

গুৱাহাটীৰ উজান বজাৰৰ বাৰোৱাৰীৰ নিবাসী ভূপেন্দ্ৰ কুমাৰ বৰাই হৃদৰোগত আক্ৰান্ত হৈ বুধবাৰে বিয়লি ৬.১৫ বজাত ইহলীলা সম্বৰণ কৰে।

author-image
Asomiya Pratidin
New Update
333

ডিজিটেল সংবাদ, গুৱাহাটী : গুৱাহাটীৰ উজান বজাৰৰ বাৰোৱাৰীৰ নিবাসী ভূপেন্দ্ৰ কুমাৰ বৰাই হৃদৰোগত আক্ৰান্ত হৈ বুধবাৰে বিয়লি ৬.১৫ বজাত ইহলীলা সম্বৰণ কৰে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৭৭ বছৰ।

সৰলমনা, সৰবৰহী, উদাৰচেতিয়া, পৰহিতৈষী, শিক্ষানুৰাগী, আনৰ দুখত দুখী হ'ব পৰা এইগৰাকী ব্যক্তিৰ মৃত্যুত অঞ্চলটোত শোকৰ ছাঁ পৰে। তেখেতৰ জন্মস্থান ঢেকিয়াজুলিত পৰিয়াল-পৰিজন আৰু অসংখ্য গুণমুগ্ধৰ উপস্থিতিত আজি তেওঁৰ অন্তোষ্টিক্ৰিয়া সম্পন্ন কৰা হয়।

তেখেতে অসম চৰকাৰৰ বিত্তীয় উপদেষ্টা হিচাপে ২০০৯ চনতেই অৱসৰ গ্ৰহণ কৰিছিল। অৱসৰৰ পিছত তেখেত বাৰোৱাৰী অঞ্চলৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত প্ৰত্যক্ষভাৱে জড়িত হৈ আছিল।

তেখেতে নিজা বাসভৱনত ভূপেন্দ্ৰ কুমাৰ বৰা ফাউণ্ডেশ্যন নামৰ এটি ন্যাস গঠনেৰে আৰ্তজনলৈ সহায় হাত আগবঢ়াই গৈছিল। মৃত্যুৰ সময়ত তেওঁ দুগৰাকীকৈ পুত্ৰ, পুত্ৰ-বধু, দুগৰাকী কন্যা, জোঁৱাই, নাতি-নাতিনী সমন্বিতে অনেক গুণমুগ্ধক ইহসংসাৰত এৰি থৈ যায়।

উজান বজাৰ