/asomiyapratidin/media/media_files/2025/09/10/296-2025-09-10-19-23-34.jpg)
ডিজিটেল সংবাদ, নগাঁও : আজি এটি ঐতিহাসিক বিৰল ক্ষণৰ সাক্ষী হৈ ৰ'ল নগাঁও জিলা ক্ৰীড়া সংস্থাৰ খেলপথাৰ ( নুৰুল আমিন ষ্টেডিয়াম )। বুধবাৰে পুৱাই সুধাকণ্ঠ, ভাৰতৰত্ন ড° ভূপেন হাজৰিকাদেৱৰ জন্ম শতবাৰ্ষিকীৰ বৰ্ষযোৰা কাৰ্যসূচীৰ লগত সংগতি ৰাখি তেখেতৰ অমৰ সৃষ্টিৰাজি কালজয়ী গীতক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ মহান উদ্দেশ্যেৰে নগাঁও জিলা প্ৰশাসনৰ উদ্যোগত নগাঁও ক্ৰীড়া সংস্থাৰ খেলপথাৰত জিলাখনৰ ৬৩ খন শিক্ষানুষ্ঠান (বিশ্ববিদ্যালয়, মহাবিদ্যালয় আৰু বিদ্যালয়)ৰ প্ৰায় ১৭,০০০ সংখ্যক শিক্ষাৰ্থীয়ে সমস্বৰে হাত চাপৰিৰে পৰিবেশন কৰে সুধাকণ্ঠৰ চিৰসেউজ গীত মানুহে মানুহৰ বাবে ।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/09/10/wha-2025-09-10-19-23-48.jpeg)
ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰী সকলে শৃংখলাবদ্ধ ভাৱে অংশগ্ৰহণ কৰি সমগ্র খেলপথাৰখনত এক দৃষ্টিনন্দন পৰিবেশ গঢ়ি তোলে । কৃষ্ণ কিংকৰ খাটনিয়াৰ আৰু প্ৰজ্ঞা পাৰমিতাই সুন্দৰ উপস্থাপনেৰে আঁত ধৰা উক্ত অনুষ্ঠানটিত আদৰণী ভাষণ আগবঢ়াই জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই ।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/09/10/wha-2025-09-10-19-23-59.jpeg)
অনুষ্ঠানটিত উপস্থিত থাকি নগাঁও-বটদ্ৰবা বিধানসভা সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা আৰু ৰহা বিধানসভা সমষ্টিৰ বিধায়ক শশী কান্ত দাসে তেওঁলোকৰ ভাষণত বিশ্ববিশ্ৰুত জনতাৰ শিল্পী ভাৰতৰত্ন ড° ভূপেন হাজৰিকাদেৱৰ গীত সমূহ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে নগাঁও জিলা আয়ুক্ত গৰাকীয়ে গ্ৰহণ কৰা পদক্ষেপৰ বাবে তেখেতক ধন্যবাদ জ্ঞাপন কৰি, সমাজৰ সকলোকে বিশেষকৈ নৱপ্ৰজন্মক সুধাকণ্ঠৰ যুগমীয়া সৃষ্টি গীত সমূহক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাত এনেদৰে আগভাগ লবলৈ আহ্বান জনায় ।
আমাৰ ৰাজ্যবাসীৰ লগতে সমগ্র জিলবাসীৰ বাবে অতি গৌৰবময় ক্ষণ হিচাপে প্ৰতিষ্ঠিত হৈ আজিৰ এই অনুষ্ঠানে লাভ কৰিলে ইণ্ডিয়ান বুক অফ ৰেকৰ্ডছত স্থান । ইণ্ডিয়া বুক অফ ৰেকৰ্ডছ ৰ কলিকতা স্থিত কাৰ্যালয়ৰ বিচাৰক সুনিতা কেডিয়াৰ নেতৃত্বত অহা পৰ্যবেক্ষৰ দলে সমগ্ৰ গীতৰ অনুষ্ঠানটো নিৰীক্ষন কৰি পৰিবেশনৰ অন্তত বিষয়া গৰাকীয়ে জিলা আয়ুক্ত গৰাকীৰ হাতত ইণ্ডিয়ান বুক অফ ৰেকৰ্ডছ ত নাম অন্তৰ্ভূক্তিৰ প্ৰমানপত্ৰ অৰ্পণ কৰে ।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/09/10/wha-2025-09-10-19-24-16.jpeg)
উল্লেখযোগ্য যে, আজিৰ এই গৌৰৱময় অনুষ্ঠানটি ৰাজ্যখনৰ বিশিষ্ট চাউণ্ড ইঞ্জিনীয়াৰ দিগন্ত শৰ্মাৰ তত্বাৱধানত সুন্দৰ ভাবে পৰিচালিত হয় । এই অনুষ্ঠানত নগাঁও বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° হিতেশ ডেকা, জিলা আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকা, কলিয়াবৰ সম জিলাৰ সম আয়ুক্ত ৰাজ বৰুৱা, নগাঁও পৌৰসভাৰ উপ সভাপতি সীমান্ত বৰা, জিলা বিদ্যালয় সমূহৰ পৰিদৰ্শক মৃদুল কুমাৰ নাথ, নগৰ উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ ধ্ৰুৱজ্যোতি শৰ্মা, বিশিষ্ট অভিনেত্ৰী বীণা বাৰোৱতী, জিলাখনৰ অতিৰিক্ত উপায়ুক্ত সকল, সহকাৰী আয়ুক্ত সকল, চক্ৰ বিষয়াসকল, খণ্ড উন্নয়ন বিষয়াসকল, জিলাখনৰ বিভিন্ন বিভাগৰ মুৰব্বী বিষয়াসকলকে প্ৰমুখ্য কৰি বিদ্যালয় সমূহৰ শিক্ষক-শিক্ষয়িত্ৰী সকল, গণ্য মান্য ব্যক্তিসকল আৰু বহুসংখ্যক স্থানীয় ৰাইজ উপস্থিত থাকে ।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/09/10/whats-2025-09-10-19-25-00.jpeg)
উক্ত অনুষ্ঠানটি সাফল্যমণ্ডিত কৰি তোলাৰ বাবে শিক্ষাৰ্থী, শিক্ষক- শিক্ষয়িত্ৰী, বিভিন্ন বিভাগৰ বিষয়া কৰ্মচাৰী, বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান, ব্যৱসায়ী সংস্থা, স্বেচ্ছাসেৱী সংগঠনৰ বিষয়-ববীয়া, সংবাসেৱীসকল আৰু জিলাবাসী ৰাইজক নগাঁও জিলা প্ৰশাসনে অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
/asomiyapratidin/media/member_avatars/a-/AFdZucrahs0cQJtCvPJgez1pmKf-b8DYLM8QcmdGGzcV=s96-c.jpeg )
 Follow Us
 Follow Us