পূৰ্বোদয় ৱেলফায়াৰ চ'ছাইটী ৰংজুলিৰ উদ্যোগত ড৹ভূপেন হাজৰিকাৰ স্মৃতি দিৱস...

গীতে-মাতে অনুষ্ঠানটি জীপাল কৰে গোৱালপাৰাৰ সুৰাঙ্গন সংগীত বিদ্যালয়ৰ অধ্যক্ষা মীনা শৰ্মাই

author-image
Asomiya Pratidin
New Update
পূৰ্বোদয় ৱেলফায়াৰ চ'ছাইটী ৰংজুলিৰ উদ্যোগত ড৹ভূপেন হাজৰিকাৰ স্মৃতি দিৱস...

সুধাকণ্ঠৰ স্মৃতি দিৱস

ডিজিটেল সংবাদ,দুধনৈঃ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে ৰংজুলিতো শনিবাৰে দিনজোৰা কাৰ্যসূচীৰে সুধাকণ্ঠ ড৹ভূপেন হাজৰিকাৰ একাদশ বাৰ্ষিক স্মৃতি দিৱস উদযাপন কৰে ।পূৰ্বোদয় ৱেলফায়াৰ চ'ছাইটিৰ উদ্যোগত ৰংজুলি ৰাজহুৱা পুখুৰীৰ পাৰত আয়োজিত স্মৃতি দিৱসৰ কাৰ্যসূচী অনুসৰি সন্ধিয়া বন্তি প্ৰজ্বলন কৰে ৰংজুলি ৰাজহ চক্ৰৰ চক্ৰ বিষয়া নেকিব চৈয়দ বৰুৱা ।

Advertisment

ইয়াৰ পাছতে সুধাকণ্ঠ ড৹ভূপেন হাজৰিকাৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰে ভ্ৰাম্যমাণ নাট্য জগতৰ বিশিষ্ট অভিনেতা মৃদুল ভূঞাই । ইয়াৰ পাছতে পূৰ্বোদয় ৱেলফায়াৰ চ'ছাইটিয়ে প্ৰতিটো বছৰে আগবঢ়াই অহা পূৰ্বোদয় বঁটা প্ৰদান অনুষ্ঠান অনুষ্ঠিত কৰে । কৃতি শিক্ষক তথা নাট্যকাৰ,অভিনেতা প্ৰয়াত ধৰ্মেশ্বৰ ৰাভাৰ সোঁৱৰণত আগবঢ়োৱা বটাঁটি এইবেলি প্ৰদান কৰে ৰংজুলিৰ নাট্য জগত আৰু চিনেমা জগতৰ উদীয়মান অভিনেতা পাৰ্থ প্ৰতীম পুৰকায়স্থলৈ ।

অভিনেতা মৃদুল ভূঞা
অভিনেতা মৃদুল ভূঞা

আনহাতে উক্ত অনুষ্ঠানত কৃতি শিক্ষক তথা ক্ৰীড়া সংগঠক মহৎ বসুমতাৰীক বিশেষভাৱে সম্বৰ্ধনা জনায় । অনুষ্ঠানত মুখ্য অতিথি ৰূপে অংশগ্ৰহণ কৰি গীতে-মাতে অনুষ্ঠানটি জীপাল কৰে গোৱালপাৰাৰ সুৰাঙ্গন সংগীত বিদ্যালয়ৰ অধ্যক্ষা মীনা শৰ্মাই।

Dudhnoi mridul bhuyan assam bhupen hazarika