সুধাকণ্ঠ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে মৰিগাঁও বিহুতলীত ব্যাপক আয়োজন

মৰিগাঁও সদৰ বিহুতলীত দুই শতাধিক আবৃত্তিকাৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য, কাব্যসিন্ধু ড০ অমৰজ্যোতি চৌধুৰীৰ "মৃত্যু জিনাৰ গান -এটা গান শেষ হ'ল" শীৰ্ষক কবিতাটিৰ সমূহীয়া আবৃত্তিৰে জনতাৰ শিল্পী গৰাকীক শ্ৰদ্ধাঞ্জলী জনায়

author-image
Asomiya Pratidin
New Update
284

ডিজিটেল সংবাদ, মায়ং : ভাৰতৰত্ন সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে সোমবাৰে অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদ মৰিগাঁও জিলা সমিতিৰ উদ্যোগত মৰিগাঁও সদৰ বিহুতলীত দুই শতাধিক আবৃত্তিকাৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য, কাব্যসিন্ধু ড০ অমৰজ্যোতি চৌধুৰীৰ "মৃত্যু জিনাৰ গান -এটা গান শেষ হ'ল" শীৰ্ষক কবিতাটিৰ সমূহীয়া আবৃত্তিৰে জনতাৰ শিল্পী গৰাকীক শ্ৰদ্ধাঞ্জলী জনায়।

WhatsApp Image 2025-09-08 at 8.33.32 AM

অসমৰ ৩২ খন জিলাত অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদে আজিৰ দিনটোত একে সময়তে দিনৰ ১১-৩০ বজাত এই কাৰ্যসূচী ৰূপায়ন কৰি জনতাৰ শিল্পী গৰাকীক শ্ৰদ্ধাঞ্জলী জনোৱা হয়।মৰিগাঁও সদৰ বিহুতলীত আয়োজন কৰা কাৰ্যসূচীৰ অংশ হিচাপে পুৱা পতাকা উত্তোলন কৰে মৰিগাঁও জিলা আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ সভাপতি ড০ উৎপল নাথে। তাৰ পিছতেই বিহুতলীৰ সন্মুখতে থকা সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ পূৰ্ণাংগ প্ৰতিমূৰ্তিত মাল্যৰ্পন কৰে বিশিষ্ট শিল্পী মুংচা নোমল চন্দ্ৰ বৰদলৈয়ে।

বন্তি প্ৰজ্বলন কৰে মৰিগাঁও জিলা আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ মুখ্য উপদেষ্টা পিনাকী ভূষণ মহন্তই। শ্ৰদ্ধাঞ্জলী জনাই সদৌ অসম গ্ৰাম্য পুথিভঁৰাল সন্থাৰ সভাপতি প্ৰতাপ হাজৰিকা,মৰিগাঁও সাংবাদিক সন্থাৰ সভাপতি অজিত শৰ্মা,মায়ং আঞ্চলিক মহাবিদ্যালয়ৰ উপাধ্যক্ষ কবিতা মেধি, ক্ৰীড়া সংগঠক মনোজ নাথ, ৰাজ্যিক মুখপাত্ৰ মৌচুমী ভট্টাচাৰ্য আৰু যুৱ মঞ্চ নতুনৰ জ্যোতি ৰাজ্যিক আহ্বায়ক জুহিতা কলিতা ডেকাই।

WhatsApp Image 2025-09-08 at 8.33.31 AM (1)

ইয়াৰ পিছতেই সদৰ বিহুতলীত জিলাখনৰ মুখ্য প্ৰশিক্ষক নৱ কুমাৰ ডেকাৰ পৰিচালনাত দুই শতাধিক আবৃত্তিকাৰে মৰিগাঁও সমাজ সাহিত্য আৰু সংস্কৃতি জগতৰ বৰেণ্য ব্যক্তি সকলৰ উপস্থিতিত সমস্বৰে মৃত্যু জিনাৰ গান শীৰ্ষক কবিতাটিৰ আবৃত্তি কৰি কাৰ্যসূচীৰ অনন্য মাত্ৰা প্ৰদান কৰে।সমূহীয়া আবৃত্তিৰ অনুষ্ঠান টি উদ্বোধন কৰে বিশিষ্ট কবি তথা মৰিগাঁও জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি হৰেন্দ্ৰ বৰাই। সভাপতি ড০ উৎপল নাথৰ সভাপতিত্বত অনুষ্ঠিত হোৱা মুকলি সভাৰ উদ্দেশ্য ব্যাখ্যা আৰু আদৰণি অনুষ্ঠানৰ আঁত ধৰে জিলা সমিতিৰ সম্পাদক নজৰুল ইছলামে।

সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি ভাষণ ৰাখে ৰাজ্যিক মুখপাত্ৰ মৌচুমী ভট্টাচাৰ্যই। আজিৰ মুকলি সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি সুধাকণ্ঠৰ প্ৰতি শ্ৰদ্ধা জনাই আৰু আবৃত্তি পৰিষদৰ প্ৰচেষ্টাৰ শলাগ জনাই বক্তব্য আগবঢ়াই যুৱ মঞ্চ নতুনৰ জ্যোতি ৰ আহ্বায়ক জুহিতা কলিতা,মৰিগাঁও সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰী,জিলাৰ অতিৰিক্ত আয়ুক্ত অনুসূয়া শৰ্মা, মৰিগাঁও জিলা সাহিত্য সভাৰ সভাপতি হৰমোহন কলিতা,শংকৰদেৱ সংঘৰ প্ৰাক্তন প্ৰধান সম্পাদক বাবুল বৰা,মৰিগাঁও জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি বুবুমনি গোস্বামীয়ে

একেদৰে লোক সংস্কৃতিৰ গৱেষক লোকেন্দ্ৰ হাজৰিকা,মৰিগাঁও জিলা সাহিত্য সভাৰ প্ৰাক্তন উপ সভাপতি বিৰিঞ্চি শৰ্মা, মায়ং আঞ্চলিক মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ ৰঞ্জিত কলিতা,বিশিষ্ট শিল্পী ভদ্ৰেশ্বৰ ডেকা,আন্তৰ্জাতিক বহুভাষিক কবি ৰাজুমনি শইকীয়াকে ধৰি ভালে কেইজন বিশিষ্ট ব্যক্তিয়ে সুধাকণ্ঠৰ প্ৰতি শ্ৰদ্ধা জনায়। আজিৰ কাৰ্যসূচীত উপস্থিত থাকি সমূহীয়া আবৃত্তিৰ অনুষ্ঠান উপভোগ কৰে মৰিগাঁও জিলা সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক অশোক ডেকা,বৰ্তমানৰ সম্পাদক কুশল বৰা ,মৰিগাঁও জিলা কবি সন্মিলনৰ সভাপতি অনিৰুদ্ধ ডেকা,বিশিষ্ট লেখক প্ৰদীপ পৰাশৰ,বিশিষ্ট কবি আল আমান,জ্যেষ্ঠ সাংবাদিক জগদীশ নাথ,ৰিতুমনি  মহন্ত,অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক মিহিৰ হাজৰীকা,মায়ং শাখা সাহিত্য সভাৰ সভাপতি মুকুত বিষয়া,অৱসৰপ্ৰাপ্ত সেনা বিষয়া দিলীপ নাথ প্ৰমুখ্য কৰি জিলাখনৰ যথেষ্ট সংখ্যক বিশিষ্ট নাগৰিকে।

WhatsApp Image 2025-09-08 at 8.33.31 AM

আজিৰ অনুষ্ঠানত জিলা খনৰ জাগীৰোড, নেলী,মায়ং,ভকতগাঁও, মৰিগাঁও সদৰ,মৈৰাবাৰী,চৰাইবাহী,বৰঙাবাৰী আদি অঞ্চলৰ পৰা অহা দুই শতাধিক আবৃত্তিকাৰে অংশগ্ৰহণ কৰে।

সুধাকণ্ঠ