/asomiyapratidin/media/media_files/2025/11/05/1-2025-11-05-22-56-19.jpg)
ডিজিটেল সংবাদ, শিলচৰ: সমগ্ৰ ৰাজ্যৰ লগতে সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগ আৰু কাছাৰ জিলা প্ৰশাসনৰ সহযোগত ড০ ভূপেন হাজৰিকাৰ চতুৰ্দশ মৃত্যু বাৰ্ষিকী উপলক্ষে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰা হয় ।
শিলচৰ পুলিছ পেৰেড গ্ৰাউণ্ডত অনুষ্ঠিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত সুধাকন্ঠ ড০ ভূপেন হাজৰিকাৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ আৰু বন্তি প্ৰজ্বলন কৰি ৰাজ্যৰ মন্ত্ৰী কৌশিক ৰায়ে অনুষ্ঠান মুকলি কৰে।
সুধাকণ্ঠ ড০ ভুপেন হাজৰিকাক সোঁৱৰি পুলিছ পেৰেড গ্ৰাউণ্ডত একে লগে ছাত্ৰ-ছাত্ৰী, যুৱক যুৱতী, বিভিন্ন সাংস্কৃতিক অনুষ্ঠানৰ শিল্পী সহ দল সংগঠনৰ প্ৰায় ৮ সহস্ৰাধিক লোকে হাতত হাত ধৰি ভুপেন হাজৰিকাৰ কালজয়ী গীত মানুষ মানুষেৰ জন্য গীতটো পৰিবেশন কৰি সকলোকে আকৰ্ষিত কৰে।
শিল্পী সকলৰ সৈতে মঞ্চত থকা অতিথি সকলেও মানুষ মানুষেৰ জন্য গীতটো পৰিবেশন কৰে। অনুষ্ঠানত অসম বিশ্ববিদ্যালয়ৰ উপাচাৰ্য প্ৰফেছৰ ৰাজীৱ মোহন পন্ট আৰু বিশিষ্ট সাহিত্যিক অমলেন্দু ভট্টাচাৰ্যক ভাৰত ৰত্ন ড০ ভুপেন হাজৰিকাৰ কমেম'ৰেটিভ কইন প্ৰদান কৰা হয় ।
ইফালে ,আজিৰ দিনটো অসমৰ বাবে ঐতিহাসিক দিন দিন বুলি অভিহিত কৰে মন্ত্ৰী কৌশিক ৰায়ে। অনুষ্ঠানত জিলা আয়ুক্ত মৃদুল কুমাৰ যাদৱ, সাংসদ পৰিমল শুক্লবৈদ্য, ৰাজ্য সভাৰ সাংসদ কণাড পুৰকায়স্থ আৰক্ষী অধীক্ষক পাৰ্থ প্ৰতিম দাস সহ কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us