মৃত্যু বাৰ্ষিকীত সুধাকণ্ঠক শ্ৰদ্ধাঞ্জলি দেশৰ উপ-ৰাষ্ট্ৰপতিৰ

ছত্তীশগড়ত আজি ড° ভূপেন হাজৰিকাৰ মৃত্যু বাৰ্ষিকী উপলক্ষে ৰাজভৱনত বিশেষ অনুষ্ঠান আয়োজন কৰা হয়। এই অনুষ্ঠানত দেশৰ উপ-ৰাষ্ট্ৰপতি চি. পি. ৰাধাকৃষ্ণন, ছত্তীশগড়ৰ ৰাজ্যপাল ৰমেন ডেকা আৰু মুখ্যমন্ত্ৰীয়ে ড° হাজৰিকাৰ প্ৰতিচ্ছবিত ফুল আগবঢ়াই শ্রদ্ধাঞ্জলি জ্ঞাপন কৰে।

author-image
Asomiya Pratidin
New Update
YRTRTRTRT

ডিজিটেল ডেস্কঃ ছত্তীশগড়ত আজি ভাৰত ৰত্ন ড° ভূপেন হাজৰিকাৰ মৃত্যু বাৰ্ষিকী উপলক্ষে ৰাজভৱনত এক বিশেষ অনুষ্ঠান আয়োজন কৰা হয়। এই অনুষ্ঠানত দেশৰ উপ-ৰাষ্ট্ৰপতি চি. পি. ৰাধাকৃষ্ণন, ছত্তীশগড়ৰ ৰাজ্যপাল ৰমেন ডেকা আৰু মুখ্যমন্ত্ৰী বিষ্ণুদেৱ চাঈয়ে ড° হাজৰিকাৰ প্ৰতিচ্ছবিত ফুল আগবঢ়াই শ্রদ্ধাঞ্জলি জ্ঞাপন কৰে।

WhatsApp Image 2025-11-05 at 11.09.08 AM

অনুষ্ঠানত সচিবালয়ৰ কৰ্তৃপক্ষসহ ৰাজভৱনৰ সকলো কৰ্মচাৰীয়ে উপস্থিত থাকি ড° হাজৰিকাৰ অবদানক স্মৰণ কৰে আৰু তেওঁলৈ শ্রদ্ধা জ্ঞাপন কৰে।

WhatsApp Image 2025-11-05 at 11.09.08 AM (1)

ড° ভূপেন হাজৰিকা অসমীয়া সংস্কৃতিৰ এক উজ্জ্বল প্ৰতীক আৰু ভাৰতীয় সংগীত জগতৰ এক মহান কণ্ঠস্বৰ হিচাপে দেশজুৰি আদৰণীয়। তেওঁৰ সৃষ্টিকর্ম আজিও লক্ষাধিক হৃদয়ৰ প্ৰেৰণা।

ড০ ভূপেন হাজৰিকা ভূপেন হাজৰিকা