ডিজিটেল ডেস্কঃ ৮ছেপ্তেম্বৰ। আজি ভাৰতৰত্ন সুধাকণ্ঠ ভূপেন হাজৰিকাৰ ওপজা দিন। যিগৰাকী মহান শিল্পীক বাদ দি অসমীয়াৰ নক্সা কেতিয়াও তৈয়াৰ কৰিব নোৱাৰি সেইগৰাকী শিল্পীৰ আজি ৯৮ সংখ্যক ওপজা দিন।
যুগজয়ী, চিৰসেউজ গীতেৰে শতসহস্ৰ জনক মোহাচ্ছন্ন কৰি ৰখা ভাৰতৰত্ন সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাক গীত-মাত, বিভিন্ন অনুষ্ঠানেৰে আজি স্মৰণ কৰিব গুণমুগ্ধসকলে।
বিশ্ববিখ্যাত শিল্পীগৰাকীৰ ওপজা দিনটো উলহ-মালহেৰে পালন কৰিবলৈ ৰাজ্যৰ বিভিন্ন স্থানত আয়োজন কৰা হৈছে। চৰকাৰী-বেচৰকাৰী বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানত বিগত বৰ্গৰ দৰে এইবাৰ উদযাপন কৰা হ'ব মহান শিল্পীগৰাকীৰ ওপজা দিনটো।
ড॰ ভূপেন হাজৰিকাৰ জন্ম হৈছিল ১৯২৬ চনৰ ৮ ছেপ্টেম্বৰত শদিয়াৰ এখন আদি গাঁৱৰ এক সম্ভ্ৰান্ত কৈৱৰ্ত্ত পৰিয়ালত। তেখেতৰ পিতৃৰ নাম আছিল নীলকান্ত হাজৰিকা আৰু মাতৃৰ নাম আছিল শান্তিপ্ৰিয়া হাজৰিকা। নাজিৰাৰ আমোলাপট্টিত নীলকান্ত হাজৰিকাৰ আচল ঘৰ আছিল যদিও চাকৰিসূত্ৰে অসমৰ বিভিন্ন ঠাইত ঘূৰি ফুৰিব লগা হৈছিল। পৰিয়ালৰ দহোটা সন্তানৰ জ্যেষ্ঠ আছিল ভূপেন হাজৰিকা। ড॰ হাজৰিকাই তেখেতৰ সংগীতপ্ৰাণ মনটো শৈশৱতে ঘৰখনৰ পৰিৱেশৰ পৰা লাভ কৰিছিল।
ড॰ হাজৰিকাই ধুবুৰী, গুৱাহাটী আৰু তেজপুৰত স্কুলীয়া শিক্ষা গ্ৰহণ কৰিছিল। গুৱাহাটীৰ ভৰলুমুখ প্ৰাথমিক বিদ্যালয়ৰ পৰা প্ৰাথমিক শিক্ষা গ্ৰহণ কৰে। তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা ১৯৪০ চনত প্ৰৱেশিকা পৰীক্ষা, ১৯৪২ চনত কটন মহাবিদ্যালয়ৰ পৰা ইণ্টাৰমেডিয়েট (কলা বিভাগ), ১৯৪৪ চনত কাশী হিন্দু বিশ্ববিদ্যালয়ৰ পৰা স্নাতক আৰু ১৯৪৬ চনত ৰাজনীতি বিজ্ঞানত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।
মাহীয়েক ভৱপ্ৰিয়া দাসে ভূপেন হাজৰিকাক এখন হাৰমনিয়াম উপহাৰ স্বৰূপে দিছিল। ভূপেন হাজৰিকাৰ মাতৃ শান্তিপ্ৰিয়া হাজৰিকাই পদ্মধৰ চলিহাৰ গীত, ব্ৰাহ্মসংগীত, বঙালী গীত, ৰবীন্দ্ৰসংগীত গাইছিল। ঘৰত চলিছিল বৰগীতৰ চৰ্চাও। এনেকৈয়ে সৰুতেই নিজৰ ঘৰখনত ভূপেন হাজৰিকাৰ সংগীতৰ লগত পৰিচয় হৈছিল।
ওপজা দিনত ড° ভূপেন হাজৰিকালৈ শ্ৰদ্ধাঞ্জলি জনাবলৈ প্ৰতিবছৰৰ দৰে এই বছৰো সদৌ অসম ছাত্ৰ সন্থাই উদ্দীপনা অনুষ্ঠানৰ আয়োজন কৰিছে। দীঘলীপুখুৰীৰ পাৰত থকা ড° ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তিস্থলীত সদৌ অসম ছাত্ৰ সন্থাই সদৌ কামৰূপ(ম) জিলা ছাত্ৰ সন্থা আৰু সদৌ গুৱাহাটী ছাত্ৰ সন্থাৰ সহযোগত এই উদ্দীপনা অনুষ্ঠানৰ আয়োজন কৰিছে।
সমগ্ৰ অসমৰ প্ৰতিখন জিলাৰ একোখন মহাবিদ্যালয়, বিশ্ববিদ্যালয় তথা বিশ্ববিদ্যালয়ৰ যুৱ মহোৎসৱৰ ন্যাসৰ সম্পাদক আৰু গুৱাহাটীৰ কেইখনমান মহাবিদ্যালয়ৰ শ্ৰেষ্ঠ কণ্ঠশিল্পীয়ে শ্ৰদ্ধাঞ্জলি গান গাই শিল্পীগৰাকীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হ'ব ৷