/asomiyapratidin/media/media_files/2025/09/08/283-2025-09-08-08-23-10.jpg)
ডিজিটেল ডেস্ক : মোৰ গান হওক/ বহু আস্থাহীনতাৰ বিপৰীতে/ এক গভীৰ আস্থাৰ গান।/ মোৰ গান হওক / কল্পনা-বিলাসৰ বিপৰীতে/ এক সত্য প্ৰশস্তিৰ ধ্যান।।
গীত-মাতৰ জৰিয়তে বৃহত্তৰ অসমীয়া জাতিক উদ্বুদ্ধ কৰা মহান শিল্পী ভাৰত ৰত্ন ড০ ভূপেন হাজৰিকাক সুঁৱৰি আজি ৰাজ্যজুৰি পালন কৰা হৈছে জন্ম শতবাৰ্ষিকী। সুধাকণ্ঠৰ জন্ম শতবাৰ্ষিকী উপলক্ষে সম্প্ৰতি চৌদিশে এক উলাহ- মালহৰ লগতে সাংগীতিক পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হৈছে।
অসম চৰকাৰৰ উদ্যোগত বহল ভিত্তিত আয়োজন কৰা হৈছে সুধাকণ্ঠৰ শতবাৰ্ষিকী অনুষ্ঠান। শিল্পীগৰাকীৰ কালজয়ী গীত- মাতৰ লগতে তেওঁৰ সৃষ্টিৰাজিক সশ্ৰদ্ধাৰে সোঁৱৰণ কৰা হ’ব। ৰাজ্য চৰকাৰে আয়োজন কৰা এই অনুষ্ঠানত গীত- মাতৰ উপৰিও বিভিন্ন কাৰ্যসূচী হাতত লোৱা হৈছে।
১৩ ছেপ্তেম্বৰত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী উপস্থিত থাকিব সুধাকণ্ঠৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠানত। শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধা জনাই কেন্দ্ৰীয় চৰকাৰে প্ৰস্তুত কৰা ১০০ টকীয়া স্মৃতি মুদ্ৰাও মোদীৰ উপস্থিতিত উন্মোচন কৰা হ’ব।
ইফালে অসমৰ উপৰিও বিশ্বৰ বিভিন্ন প্ৰান্তত থকা প্ৰবাসী অসমীয়া তথা সুধাকণ্ঠৰ গুণমুগ্ধসকলে আয়োজন কৰিছে জন্ম শতবাৰ্ষিকী অনুষ্ঠানৰ। একেদৰে সদৌ অসম ছাত্ৰ সন্থাৰ উদ্যোগতো ৰাজ্যৰ বিভিন্ন প্ৰান্তত বছৰজোৰা কাৰ্যসূচীৰে শিল্পীগৰাকীক সন্মান জনাই আয়োজন কৰা হৈছে শতবৰ্ষ অনুষ্ঠানৰ।
আজি দীঘলীপুখুৰী পাৰত ছাত্ৰ সন্থাই আয়োজন কৰিছে উদ্দীপনা শীৰ্ষক অনুষ্ঠানৰ। য’ত অসমৰ বিভিন্ন মহাবিদ্যালয়- বিশ্ববিদ্যালয়ৰ শ্ৰেষ্ঠ কণ্ঠশিল্পীসকলে সুধাকণ্ঠক সুঁৱৰি গীত পৰিৱেশন কৰিব।