গৌৰৱ গগৈক কিয় OUT কৰিলে কংগ্ৰেছ হাইকামাণ্ডে?

অসমত মিত্ৰতাৰ প্ৰসংগত সকলো কথা আলোচনা কৰিবলৈ কংগ্ৰেছ হাইকামাণ্ডে দায়িত্ব দিছে ভূপেন বৰাক। এতিয়াৰে পৰা মিত্ৰতাৰ সকলো দিশ চোৱা-চিতা কৰিব প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন

author-image
Asomiya Pratidin
New Update
ddddd

ডিজিটেল ডেস্কঃ অসমত মিত্ৰতাৰ প্ৰসংগত সকলো কথা আলোচনা কৰিবলৈ কংগ্ৰেছ হাইকামাণ্ডে দায়িত্ব দিছে ভূপেন বৰাক। এতিয়াৰে পৰা মিত্ৰতাৰ সকলো দিশ চোৱা-চিতা কৰিব প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতিগৰাকীয়ে। AICCৰ পৰা এই নিৰ্দেশনা অহাৰ পাছতে ভূপেন বৰাই মিত্ৰতাৰ দিশটো অধিক সবলতাৰে আগুৱাই নিয়া হ'ব বুলি প্ৰতিক্ৰিয়া ব্যক্ত কৰে।

বৰ্তমানৰ অসম কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈক নেওঁচি ভূপেন বৰাৰ কান্ধত কিয় এই গধূৰ দায়িত্ব অৰ্পন কৰা হ'ল, ইয়াক লৈও চৰ্চা হৈছে। কংগ্ৰেছৰ এক শীৰ্ষ সূত্ৰই সদৰি কৰা অনুসৰি, অসমত বিৰোধী মিত্ৰজোঁটৰ বিষয়টো আৰম্ভ হৈছে ভূপেন বৰা সভাপতি হৈ থকা সময়তে।

বিৰোধী মিত্ৰজোঁটৰ বাবে গঠন কৰা অসম সন্মিলিত মৰ্চাৰ সভাপতি পদতো আছিল ভূপেন বৰা।  তেওঁৰ কাৰ্যকালতে বিৰোধী মিত্ৰজোঁটৰ বহুকেইখন সভা অনুষ্ঠিত হৈছিল। মিত্ৰতাক লৈ বহু দিশৰ ওপৰত আলোচনা হৈছিল। কিন্তু পিছলৈ ভিন্ন পক্ষৰ অসন্তুষ্টিৰ বাবে এই মিত্ৰতাত মোহৰ লগা নাছিল।

ভূপেন বৰাই সভাপতি হৈ থকা সময়ত বিৰোধী মিত্ৰজোঁটৰ বাবে যথেষ্ট কাম কৰিছিল। সকলো দলৰ সভাপতিৰ সৈতে বৈঠকতো বহিছিল। কিন্তু তেনে সময়তে সভাপতিৰ পদ এৰিব লগা হৈছিল বৰাই। যাৰ পৰিপ্ৰেক্ষিতত তেওঁ এই বিষয়টোৰ পৰা আঁতৰি থাকিব লগা হৈছিল।

মিত্ৰজোঁটক লৈ ভূপেন বৰাৰ কাম-কাজত সন্তুষ্টি প্ৰকাশ কৰিয়ে সভাপতি গৌৰৱ গগৈৰ সলনি তেওঁকেই পুনৰ এই দায়িত্ব অৰ্পন কৰা হৈছে। বৰাক দায়িত্ব অৰ্পন কৰাৰ পাছতে অখিল গগৈয়েও সন্তুষ্টি ব্যক্ত কৰিছে। বৰাক পেক্টিকেল মানুহ বুলি প্ৰশংসা কৰি অখিল গগৈয়ে মিত্ৰতাৰ আলোচনাৰ বাবে ১২ফেব্ৰুৱাৰীৰ পৰা সকলো জনসভাও বাতিল কৰিছে।

মুঠৰ ওপৰত আগন্তুক অতি কম দিনৰ ভিতৰতে ভূপেন বৰাৰ নেতৃত্বত মোহৰ লাগিব বিৰোধী মিত্ৰজোঁটত। ইতিমধ্যে ৰাজনৈতিক দলসমূহৰ প্ৰতিনিধিৰ সৈতে বৰাই এক বৈঠকৰো আহ্বান কৰিছে বুলি জানিব পৰা গৈছে। 

অৱশ্যে বিৰোধী মিত্ৰতাক লৈ কাম কৰিবলৈ ভূপেন বৰাৰ সৈতে ৰকিবুল হুছেইনকো দায়িত্ব অৰ্পন কৰা হৈছে শেহতীয়াকৈ। আগন্তুক দুই এদিনত আৰু কেইবাগৰাকীও কংগ্ৰেছ নেতাক এই কামৰ সৈতে সংযুক্ত কৰাৰ সম্ভাৱনা আছে। 

কংগ্ৰেছ অসম প্ৰদেশ কংগ্ৰেছ