বিহপুৰীয়াত ভূপেন বৰাৰ হৈ মাৰাথন নিৰ্বাচনী প্ৰচাৰ অৰুণাচলৰ প্ৰাক্তন মুখ্যমন্ত্ৰী নবাম টুকিয়ে…

বিহপুৰীয়াত ভূপেন বৰাৰ হৈ মাৰাথন নিৰ্বাচনী প্ৰচাৰ অৰুণাচলৰ প্ৰাক্তন মুখ্যমন্ত্ৰী নবাম টুকিয়ে…

author-image
asomiyapratidin
New Update
বিহপুৰীয়াত ভূপেন বৰাৰ হৈ মাৰাথন নিৰ্বাচনী প্ৰচাৰ অৰুণাচলৰ প্ৰাক্তন মুখ্যমন্ত্ৰী নবাম টুকিয়ে…

ডিজিটেল সংবাদ,নাৰায়ণপুৰ : ৰাজ্যত অনুস্থিত হ'ব লগা প্ৰথম পৰ্য্যায়ৰ নিৰ্বাচনলৈ মাজত মাত্ৰ চাৰিটা দিন বাকী থকা অৱস্থাত সোমাবাৰে বিহপুৰীয়া সমষ্টিৰ ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰাৰ্থী ভূপেন কুমাৰ বৰাৰ হৈ মাৰাথান নিৰ্বাচনী প্ৰচাৰ চলালে অৰুণাচল প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা প্ৰদেশ কংগ্ৰেছৰ সভাপতি নবাম টুকিয়ে ।

Advertisment

সমষ্টিটোৰ কানিয়াজান,কাচিকতা দেউৰী দেউৰী,সোনাৰিবাৰি আৰু কিনাপথাৰ দেউৰী গাঁৱত আজি চাৰিখনকৈ বিশাল নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি বিজেপিক ক্ষুৰধাৰ সমালোচনা কৰাৰ লগতে বিহপুৰীয়া সমষ্টিত এইবাৰ ভূপেন কুমাৰ বৰা বিপুল ভোটত জয়ী হ'ব বুলি সজোৰে ঘোষণা কৰে ।

ভাষণ প্ৰসংগত অৰুণাচল প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে অসমত কংগ্ৰেছৰ চৰকাৰ হ'লে অসম কংগ্ৰেছৰ শক্তিশালী নেতা ভূপেন কুমাৰ বৰাক এগৰাকী শক্তিশালী মন্ত্ৰী হিচাপে বিহপুৰীয়া সমষ্টি বাসীয়ে লাভ কৰিব বুলি দাবী কৰে । নিশা পৰ্যন্ত অনুস্থিত হোৱা নিৰ্বাচনী সভা কেইখনত কংগ্ৰেছ প্ৰাৰ্থী ভূপেন কুমাৰ বৰাইও ভাষণ প্ৰদান কৰে ।