/asomiyapratidin/media/media_files/2026/02/23/4-2026-02-23-11-58-43.jpg)
ডিজিটেল ডেস্কঃ বিজেপিত যোগদান কৰাৰ পাছত প্ৰথমবাৰৰ বাবে গৃহ সমষ্টি বিহপুৰীয়াত উপস্থিত হ'লগৈ ভূপেন বৰা। দেখা গল প্ৰাক্তন কংগ্ৰেছৰ সভাপতিগৰাকীক সমষ্টিটোত বিজেপি নেতা-কৰ্মীসকলে উপেক্ষা কৰা দৃশ্য। ন বিজেপি বৰাক আদৰিবলৈ সমষ্টিটোত ওলাই নাহিল এজনো বিজেপি নেতা-কৰ্মী। উল্লেখযোগ্য যে- উক্ত সমষ্টিটোত ভূপেন বৰা বিজেপিৰ প্ৰক্ষেপিত প্ৰাৰ্থী হ'ব বুলি ব্যাপক চৰ্চা চলিছে। তেনে পৰিপেক্ষিতত বৰাৰ প্ৰতি সমষ্টিটোৰ বিজেপিৰ নেতা-কৰ্মী এনে উপেক্ষা এক লক্ষণীয় দৃশ্য ।
দেওবাৰে নিশাই বিহপুৰীয়াৰ ভোগপুৰৰ বাসগৃহত উপস্থিত হৈছিল বৰা। এই সন্দৰ্ভত বৰাই প্ৰতিক্ৰিয়া ব্যক্ত কৰি ক'লে - হাৱাজানৰ পৰা তেওঁক আদৰিবলৈ কৰ্মী সকলে ইচ্ছা কৰিছিল যদিও কংগ্ৰেছ বিজেপিৰ হতাহতি হ’ব পাৰে বুলি ভাবিয়ে তেওঁ এই কাৰ্য্যসূচী নিজেই বাতিল কৰিছিল। সেয়ে কাকো নোকোৱাকৈ ঘৰ পালোহি। সোমবাৰে পুৱাৰ ভাগতো ভূপেন বৰাৰ বাসগৃত নিমাওমাও পৰিৱেশে বিৰাজ কৰে।
ভূপেন বৰাই লগতে ক'লে-দলৰ সাধাৰণ কার্যকৰ্তা হিচাপে মই কাম কৰিম।বিহপুৰীয়া বিজেপিৰ তৃণমূল কৰ্মী সকলৰ সৈতে কথা পাতিবলৈ মুখ্যমন্ত্ৰী আৰু দলৰ সভাপতিয়ে মোক পঠাইছে।কংগ্ৰেছ দলৰ কৰ্মীৰ প্ৰতি মোৰ মানৱীয় অনুভৱ সদায় থাকিব।মোক বিজেপিৰ এজেন্ট বুলি আগতেই কংগ্ৰেছে কৈছে।ৰাজীৱ ভৱনতো সেৱা কৰিহে কংগ্ৰেছত যোগ দিছিলোঁ।হিতেশ্বৰ শইকীয়াই মোক কংগ্ৰেছৰ এ পি এছ বুলি কৈছিলে, মই কনিষ্টবল নহয়। মোৰ পুত্তলিকা জ্বলাই ৰাম ভূঞাই গৌৰৱ গগৈৰ ওচৰত অগ্নি পৰীক্ষা দিব লগা হৈছে বুলিও তেওঁ মন্তব্য কৰে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us