কংগ্ৰেছৰ হাত এৰি হাঁহিমুখে হাতত পদুম তুলি ল'লে ভূপেন বৰাই...

বিজেপিত আনুষ্ঠানিকভাৱে যোগদান কৰিলে ভূপেন বৰাই। বহু কেইগৰাকী ৰাজ্যিক বিষয়-ববীয়াক লগত লৈ অসম বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ উপস্থিতিত সম্পন্ন হয় এই যোগদান পৰ্ব।

author-image
Asomiya Pratidin
New Update
new ap web  2.jpg

ডিজিটেল ডেস্কঃ বিজেপিত আনুষ্ঠানিকভাৱে যোগদান কৰিলে ভূপেন বৰাই। বহু কেইগৰাকী ৰাজ্যিক বিষয়-ববীয়াক লগত লৈ অসম বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ উপস্থিতিত সম্পন্ন হয় এই যোগদান পৰ্ব। বাজপেয়ী ভৱনত সেৱা কৰি প্ৰৱেশ কৰা ভূপেন বৰাক দললৈ আদৰণি জনায় মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, সাংসদ প্ৰদান বৰুৱাৰ লগতে ৰাজ্যিক বিজেপিৰ বিষয়ববীয়াই।

আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰাৰ পূৰ্বে সংবাদমাধ্যমৰ সন্মুখত বৰাই কয় যে, মহাভাৰতৰ যুদ্ধৰ পূৰ্বে কৰ্ণৰ যি অৱস্থা হৈছিল, একে অৱস্থা কংগ্রেছৰ স্বাভিমানী অসমীয়াৰ। মই ৰাজীৱ ভৱনৰ পৰা বাজপেয়ী ভৱনলৈ শৰাইঘাটৰ দলঙৰ দৰে ভূমিকা গ্রহণ কৰিম।  কংগ্রেছত থকাৰ সময়ত মোৰ চোলা তেজেৰে ৰাঙলী হৈছিল।  আজি সেই চোলাটো পৰিধান কৰি বিজেপিৰ কাৰ্যালয়লৈ আহিছো।  সেই তেজ বিজেপিৰ সৈতে হোৱা সংঘাতৰ বাবে ওলাইছিল।  বিজেপিয়ে সেই তেজৰ মূল্যাংকন কৰিব বুলি পিন্ধিছো চোলাটো।

উল্লেখ কৰা প্ৰয়োজন যে, যোৱা ২১ফেব্ৰুৱাৰীত বিজেপিত যোগদান কৰাৰ কথা উল্লেখ কৰি সামাজিক মাধ্যমত ভূপেন বৰাই লিখিছিল যে, এই সিদ্ধান্ত সহজ নহয়। গধূৰ মনেৰে এই সিদ্ধান্ত লবলৈ আগবাঢ়িছেো ৰাইজৰ সেৱাৰ বাবে। 

ভূপেন বৰা