খঙত অগ্নিশর্মা ভূপেন বৰাই নিজেই ছিঙিলে নিজৰ চাৰ্ট…

খঙত অগ্নিশর্মা ভূপেন বৰাই নিজেই ছিঙিলে নিজৰ চাৰ্ট…

author-image
asomiyapratidin
New Update
খঙত অগ্নিশর্মা ভূপেন বৰাই নিজেই ছিঙিলে নিজৰ চাৰ্ট…

ডজিটেল সংবাদ,মঙলদৈঃ দৰঙৰ ঢলপুৰৰ উচ্ছেদৰ নামত নিৰ্মম গুলিচালনাৰ বাবে জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকৰ নিলম্বনৰ লগতে নিহত, আহত সকলৰ আত্মীয়ক উপযুক্ত ক্ষতিপূৰণ দিয়াৰ দাবীত উপায়ুক্তৰ জৰিয়তে ৰাজ্যপাললৈ স্মাৰক পত্ৰ দিবলৈ আহি খঙত অগ্নিশর্মা হৈ পৰিল ভূপেন বৰা।

আৰক্ষী আৰু দণ্ডাধীশে দুৱাৰ মুখতে স্মাৰক পত্ৰ দিবলৈ যোৱাত বাধা প্ৰদান কৰাত উত্তেজিত হৈ ভূপেন বৰাই নিজৰ চোলা ছিঙি বুকু উদঙাই গুলীয়াবলৈ আৰক্ষীক আহ্বান জনায়।

গৰুখুটিৰ ঘটনাৰ বিৰোধীতাৰে প্ৰতিবাদী কাৰ্যসূচী অংশগ্ৰহণ কৰে কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ নেতৃত্বত ৰিপুন বৰা,আব্দুল খালেক,বিৰোধী দলপতি দেবব্ৰত শইকীয়া, উপ দলপতি ৰকিবুল হুছেইন,কাৰ্য্যকৰী সভাপতি ৰানা গোস্বামী,বিধায়ক বসন্ত দাস,কমলেক্ষ দেৱ পুৰকায়স্থ,জাকিৰ চিকদাৰ আব্দুল ৰচিদ,নৰুল হুদা,আদি নেতাই ।