/asomiyapratidin/media/media_files/2026/02/22/whatsapp-image-2026-02-22-15-36-37.jpeg)
ডিজিটেল ডেস্কঃ বিজেপিত আনুষ্ঠানিকভাৱে যোগদান কৰিলে ভূপেন বৰাই। বহু কেইগৰাকী ৰাজ্যিক বিষয়-ববীয়াক লগত লৈ অসম বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ উপস্থিতিত সম্পন্ন হয় এই যোগদান পৰ্ব। বাজপেয়ী ভৱনত সেৱা কৰি প্ৰৱেশ কৰা ভূপেন বৰাক দললৈ আদৰণি জনায় মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, সাংসদ প্ৰদান বৰুৱাৰ লগতে ৰাজ্যিক বিজেপিৰ বিষয়ববীয়াই।
/asomiyapratidin/media/post_attachments/photo/msid-153667129/153667129-217654.jpg)
যোগদানৰ পাছতে ভূপেন বৰাক গুৰুত্বপূৰ্ণ দায়িত্ব প্ৰদান কৰে অসম প্ৰদেশ বিজেপিয়ে। ভূপেন বৰাক ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য হিচাপে নিযুক্তি প্ৰদান কৰে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই। উল্লেখ্য যে- শেহতীয়াকৈ ৰাজ্যিক বিজেপিত যোগদান কৰা শংকৰজ্যোতি বৰুৱাকো মিডিয়া পেনেলিষ্ট হিচাপে নিযুক্তি দিয়া হয়। ইপিনে কংগ্ৰেছ ত্যাগ কৰি বিজেপিত যোগদান কৰা সঞ্জু বৰাকো মিডিয়া পেনেলিষ্ট হিচাপে নিযুক্তি দিয়া হয়।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/02/22/whatsapp-imag-2026-02-22-15-37-43.jpeg)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us