/asomiyapratidin/media/media_files/2025/11/26/5-2025-11-26-19-11-14.jpg)
ডিজিটেল সংবাদ,ওদালগুৰিঃ এইবাৰ ওদালগুৰিৰ ভাৰত-ভূটান সীমান্তৱৰ্তী ভৈৰৱকুণ্ডত গাঞ্জাৰ ঘাটি উৎখাত কৰে ওদালগুৰি আৰক্ষীয়ে। এক গোপন সূত্ৰৰ খবৰৰ ভিত্তিত ওদালগুৰিৰ শীৰ্ষ আৰক্ষী বিষয়া মুজাফৰ হুছেইন, সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মনোজ্বল গগৈৰ নেতৃত্বত আৰক্ষীৰ এটা বৃহৎ দলে ভৈৰৱকুণ্ডত অভিযান চলোৱা পৰিলক্ষিত হয়।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/11/26/whatsapp-image-2025-11-26-19-05-06.jpeg)
উল্লেখ্য যে অভিযানকালত আৰক্ষীৰ দলটোৱে ১২৪ কেজি গাঞ্জা জব্দ কৰাৰ লগতে ভাং শোধন কৰা বিভিন্ন সামগ্ৰীৰ লগতে দুজন লোকক গ্ৰেপ্তাৰ কৰিছে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে আৰু অধিক লোকক গ্ৰেপ্তাৰ কৰাৰ আশা প্ৰকাশ কৰিছে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/11/26/whatsapp-image-2025-11-26-19-05-37.jpeg)
আনফালে আৰক্ষীয়ে তদন্তৰ খাতিৰত গ্ৰেপ্তাৰ হোৱা লোকৰ পৰিচয় জানিবলৈ দিয়া নাই। আৰক্ষীয়ে জানিবলৈ দিয়া অনুসৰি অঞ্চলটোৰ পৰা উত্তৰ প্ৰদেশ-বিহাৰলৈ গাঞ্জা নিয়াৰ বাবে যো-জা চলাই থকাৰ সময়তে আৰক্ষীয়ে গাঞ্জাসহ লোককেইজনক গ্ৰেপ্তাৰ কৰে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/11/26/whatsapp-image-2025-11-26-19-09-13.jpeg)
উল্লেখ্য যে দীৰ্ঘদিন ধৰি অৰুণাচল-ভূটান সীমান্তৰে ভৈৰৱকুণ্ড-ওদালগুৰি হৈ অসমৰ বিভিন্ন প্ৰান্তলৈ অবৈধ গাঞ্জাৰ সৰবৰাহ অব্যাহত আছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us