পথ দুৰ্ঘটনাত নিহত টীয়কৰ ভগামুখ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া সত্যেন্দ্ৰ মালাকাৰঃ আন কেইবাজনো আহত

বুধবাৰে নিশা টীয়কৰ ভগামুখত সংঘটিত হোৱা এক ভংয়কৰ পথ দুৰ্ঘটনাত যোৰহাট জিলাৰ ভগামুখ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া সত্যেন্দ্ৰ মালাকাৰৰ মৃত্যু হৈছে।

author-image
Asomiya Pratidin
New Update
teok 10

ডিজিটেল ডেস্কঃ টীয়কৰ ভগামুখত সংঘটিত হোৱা এক ভংয়কৰ পথ দুৰ্ঘটনাত ভগামুখ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া সত্যেন্দ্ৰ মালাকাৰৰ মৃত্যু হৈছে। জানিব পৰা মতে মহা নৱমীৰ দিনা নিশা জাঁজী নদীৰ জলপৃষ্ঠ বৃদ্ধি হোৱাৰ খবৰ পোৱাৰ পাছতে আৰক্ষীৰ এটা দল লৈ ওলাই আহিছিল সত্যেন্দ্ৰ মালাকাৰ।

বিভিন্ন স্থানত থকা মথাউৰিৰ প্ৰতি ভাবুকি অহাৰ খবৰ লাভ কৰি সেই স্থান পৰ্যবেক্ষণ কৰিবলৈ আহিছিল দলটো।সেই সময়তে মৰিজাঁজীৰ দগাঁৱৰ সমীপত দুৰ্ঘটনাত পতিত হয়।

ফলত আৰক্ষী বিষা সত্যেন্দ্ৰ মালাকাৰৰ বিয়োগ হোৱাৰ লগতে বাহনখনত থকা উপ-পৰিদৰ্শক মৰমী নাথসহ ৫ জন আৰক্ষী জোৱানৰ লগতে গাওঁৰক্ষী বাহিনীৰ সভাপতি পৱন গগৈ আঘাতপ্ৰাপ্ত হয়। 

ইয়াৰে পৱন গগৈক যোৰহাট মেডিকেল কলেজ হাস্পতালত ভৰ্তি কৰোৱা হৈছে। বাকীসকলৰ আঘাত গুৰুতৰ নহয় বাবে নিশাই হাস্পতালৰ পৰা যাবলৈ দিয়া হৈছে।

পথ দুৰ্ঘটনা টীয়ক