পি এম শ্ৰী লোহাৰঘাট চৰকাৰী মজলীয়া বিদ্যালয়ত ভোগালী কৰ্মশালা সম্পন্ন

পি এম শ্ৰী লোহাৰঘাট চৰকাৰী মজলীয়া বিদ্যালয়ত বুধবাৰে দিনজোৰা কাৰ্যসূচীৰে ভোগালী উৎসৱ অনুষ্ঠিত হৈ যায়। এই উপলক্ষে এই কৰ্মশালাখনি মুকলি কৰে এই বিদ্যালয়খনৰ প্ৰধান শিক্ষক ধীৰাজ দাসে।

author-image
Asomiya Pratidin
New Update
new ap web bhogali

ভোগালী কৰ্মশালা

ডিজিটেল সংবাদ,মিৰ্জা : পি এম শ্ৰী লোহাৰঘাট চৰকাৰী মজলীয়া বিদ্যালয়ত বুধবাৰে দিনজোৰা কাৰ্যসূচীৰে ভোগালী উৎসৱ অনুষ্ঠিত হৈ যায়। এই উপলক্ষে এই কৰ্মশালাখনি মুকলি কৰে এই বিদ্যালয়খনৰ প্ৰধান শিক্ষক ধীৰাজ দাসে।

WhatsApp Image 2026-01-22 at 12.59.55 PM

এই কৰ্মশালাত অভিভাৱক,ছাত্ৰ ছাত্ৰীয়ে বিভিন্ন পৰম্পৰাগত বিহুৰ পিঠা-পনা আদি বনায়। এই কৰ্মশালাত পলাশবাৰীৰ সম জিলাৰ আয়ুক্ত ৰশ্মি ৰেখা বৰুৱাই অংশগ্ৰহণ কৰি ছাত্ৰ ছাত্ৰীসকলৰ প্ৰতিভাৰ শলাগ লয়। লগতে এই পিঠা পনা আদিৰ সোৱাদ লয়। 

WhatsApp Image 2026-01-22 at 12.59.54 PM

এই কৰ্মশালাত অঞ্চলটোৰ লোকে উপস্থিত থাকি এই থলুৱা পিঠা পনা, লাৰু আদিৰ জুতি লোৱাৰ উপৰি বহু টকাৰে এই পিঠা পনা ক্ৰয়ো কৰে। এই কৰ্মশালাত চানুডুবি বিললৈ অহা একাংশ দৰ্শনাৰ্থী,বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি নন্দেশ্বৰ ৰাভা, সমূহ শিক্ষক শিক্ষয়িত্ৰীয়ে অংশগ্ৰহণ কৰে। এই কৰ্মশালাতে ছাত্ৰ ছাত্ৰীয়ে বিহু নাচ পৰিৱেশন কৰে।

মিৰ্জা ভোগালী মেলা ভোগালী বিহু