/asomiyapratidin/media/media_files/2026/01/18/654-2026-01-18-17-04-33.jpg)
ডিজিটেল সংবাদ, নগাঁও : নগাঁও চহৰৰ মাৰোৱাৰী হিন্দী হাইস্কুলত নগাঁও মাৰোৱাৰী সন্মিলনৰ উদ্যোগত অনুষ্ঠিত হৈ অহা "সমন্বয়" শীৰ্ষক ভোগালী বিহু উৎসৱটি দেওবাৰে দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয়। উল্লেখযোগ্য যে,মাৰোৱাৰী সন্মিলনীয়ে ভোগালী বিহু উদযাপন কৰি সমন্বয়ৰ এনাজৰীডাল অধিক কটকটীয়া কৰি আহিছে।
সভাত বিশিষ্ট সত্ৰীয়া সংস্কৃতিৰ সাধক জীৱেশ্বৰ দেৱ গোস্বামীকে ধৰি কেবাজনো বিশিষ্ট লোকক বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয়। সভাত মাৰোৱাৰী সমাজৰ বহু কেইগৰাকী শিশু শিল্পীৰ পৰা আৰম্ভ কৰি বহুকেইগৰাকী শিল্পীয়ে পৰিবেশন কৰা বিহু গীত, বিহু নৃত্যই সকলোকে মোহিত কৰি তোলে।
ভোগালী বিহুৰ অনুষ্ঠানত বিধায়ক ৰূপক শৰ্মাই অংশগ্ৰহণ কৰি সকলোকে ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us