/asomiyapratidin/media/media_files/2026/01/27/2-2026-01-27-10-14-10.jpg)
ডিজিটেল সংবাদ, বটদ্ৰৱা : বটদ্ৰৱা ভোগালী বিহু উৎসৱ উদযাপন সমিতিৰ উদ্যোগত অনুষ্ঠিত ভোগালী উৎসৱৰ সোমবাৰে নিশা সামৰণি পৰে। কাৰ্যসূচী অনুসৰি সোমবাৰে পুৱা পতাকা উত্তোলন কৰে উদযাপন সমিতিৰ সভাপতি নিতুমণি গোস্বামীয়ে।
একেদৰে বন্তি প্ৰজ্বলন কৰে হিমেশ্বৰ দাসে, শ্বহীদ তৰ্পণ কৰে অৱসৰপ্ৰাপ্ত শিক্ষক তুৱাৰাম বৰুৱাই। বটদ্ৰৱা পুৰণি বাছ আস্থানত অনুষ্ঠিত কাৰ্যসূচীৰ পাছত ১১ বজাৰ পৰা হাঁহ ধৰা, কুকুৰা যুঁজ, চকী খেল আদি পৰম্পৰাগত খেল ধেমালী অনুষ্ঠিত হয়।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/27/whatsapp-image-2026-2026-01-27-10-14-26.jpeg)
১২ বজাৰ পৰা চিত্ৰাংকন প্ৰতিযোগিতা আৰু কবিতা আবৃত্তি প্ৰতিযোগিতা অনুষ্ঠিত হয়। চিত্ৰাংকন আৰু কবিতা আবৃত্তি প্ৰতিযোগিতাত বিচাৰকৰ আসন অলংকৃত কৰে চন্দন জ্যোতি শইকীয়া, গিৰিশ বৰুৱা আৰু পূজা শইকীয়াই।
আনহাতে সন্ধিয়া সাংস্কৃতিক অনুষ্ঠান উদ্বোধন কৰে বটদ্ৰৱা থান পৰিচালনা সমিতিৰ প্ৰাক্তন সাধাৰণ সম্পাদক ইন্দ্ৰমোহন বৰুৱাই। অনুষ্ঠানটিত বিশিষ্ট সমাজকৰ্মী জগন্নাথজ্যোতি বৰা, বটদ্ৰৱা আৰক্ষী থানাৰ আৰক্ষী বিষয়া গৌৰৱজ্যোতি মহন্তই ভাষণ প্ৰদান কৰে।
নিশা ৮ বজাৰ পৰা অসমীয়া চিৰযুগমীয়া গীতত নৃত্য প্ৰতিযোগিতা অনুষ্ঠিত হয়। শিল্পী, সাংবাদিক দিব্যজ্যোতি বৰুৱাই বিচাৰকৰ আসন অলংকৃত কৰা নৃত্য প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰে প্ৰয়াসী প্ৰিয়া, দ্বিতীয় স্থান লাভ কৰে ঈশানী দত্ত, তৃতীয় স্থান লাভ কৰে অনুস্কা দেৱীয়ে।
লগতে মান্যতা বৰা, কাব্যশ্রী বৰা, তানিশ্ৰী কলিতাই নিচুকনি পুৰস্কাৰ লাভ কৰে। নিশা ১০ বজাৰ পৰা পুৰস্কাৰ বিতৰন আৰু সাংস্কৃতিক অনুষ্ঠানত অঞ্চলৰ কেইবাগৰাকী কন্ঠশিল্পীয়ে গীত পৰিবেশন কৰে। নিতুমণি গোস্বামীয়ে আঁত ধৰা অনুষ্ঠানটিত সম্পাদক দেৱ দুলাল দাস, নজৰুল ইছলাম, নিতুমণি বৰা, জিতেন বৰুৱা, অমৃত বৰুৱাকে আদি কৰি পাঁচ শতাধিক লোক উপস্থিত থাকে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us