মঙলদৈত দুমহলীয়া ভেলাঘৰ নিৰ্মাণ...

ৰাজ্যখনৰ কেউফালে এতিয়া ভোগৰ উৎসৱ ভোগালীক আদৰাৰ প্ৰস্তুতি। গাঁৱৰ সমান্তৰালভাৱে মঙলদৈৰ চহৰৰ নিকটৱৰ্তী জ্যেতি নগৰ নিউ ষ্টাৰ ক্লাবৰ লগতে ৰাইজে উৰুকাৰ নিশা মাছে-মঙহে, এসাঁজ খাবলৈ মনত আশা পুহি ৰাখিছে ৰাইজে।

author-image
Asomiya Pratidin
New Update
new ap web mangaldai bhelagahr

ডিজিটেল সংবাদ, মঙলদৈ : ৰাজ্যখনৰ কেউফালে এতিয়া ভোগৰ উৎসৱ ভোগালীক আদৰাৰ প্ৰস্তুতি। গাঁৱৰ সমান্তৰালভাৱে মঙলদৈৰ চহৰৰ নিকটৱৰ্তী জ্যেতি নগৰ নিউ ষ্টাৰ ক্লাবৰ লগতে ৰাইজে উৰুকাৰ নিশা মাছে-মঙহে, এসাঁজ খাবলৈ মনত আশা পুহি ৰাখিছে ৰাইজে।

জ্যোতি নগৰৰ সকলো স্তৰৰ লোকে মিলি সাজি উলিয়াইছে এটি দুই মহলীয়া ভেলাঘৰ। সকলোৱে লাগিছে হাতে কামে। উৰুকাৰ নিশা  প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ স্মৃতিত শ্ৰদ্ধাঞ্জলি জনাই অনুষ্ঠিত কৰিব সাংস্কৃতিক সন্ধিয়াৰ লগতে বিহুৰ দিনাখন পৰম্পৰাগত খেল ধেমালিৰো হ'ব প্ৰতিযোগিতা।

ইতিমধ্যে ডেকাসকলে বজাৰৰ পৰা আনিছে তেজাল পঠা, হাঁহ, মুৰ্গী। মহিলাসকলেও ভেলাঘৰত সাজিব আৰম্ভ কৰিছে লাৰু-পিঠা। মুঠৰ ওপৰত সীমাহীন ব্যস্ততাই বিৰাজ কৰিছে মঙলদৈত।

মঙলদৈ