/asomiyapratidin/media/media_files/2025/12/10/ujjjdd-2025-12-10-15-48-29.jpg)
ডিজিটেল ডেস্কঃ যাৰ একান্ত প্ৰচেষ্টাৰ বাবে অসমীয়া ভাষাতো আজিও সমৃদ্ধিশালী ভাষা হিচাপে জীয়াই আছে। যাৰ পৰিশ্ৰম আৰু সাধনাৰ বাবে অসমীয়া ভাষা আজি ধ্ৰুপদী ভাষাৰ পৰ্যায় পালেগৈ। সেই গৌৰৱময় যাত্ৰাৰ অন্যতম এগৰাকী কাণ্ডাৰীৰ আজি জন্ম তিথি।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/10/c7ffa80e-5120-49b8-bd2b-46202ff9c55d-2025-12-10-15-40-24.jpg)
আজি ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাৰ ১৯১ সংখ্যক জন্মজয়ন্তী। ৰাজ্যৰ ভিন্ন প্ৰান্তত ভাষাৰ ওজাগৰাকীক সোঁৱৰণ কৰি উদযাপন কৰা হৈছে তেওঁৰ ওপজা দিনটো। ওপজা দিন উপলক্ষে ৰাজ্যৰ ভিন্ন প্রান্তত একাধিক কাৰ্যসূচী ৰূপায়িত হৈছে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/10/4dfa31cc-20f9-4727-aa8a-2c67c91943e1-2025-12-10-15-40-36.jpg)
ভাষাৰ ওজা গৰাকীৰ ১৯১সংখ্যক জন্ম তিথিত গুৱাহাটী বিশ্ববিদ্যালয়ৰ চৌহদত থকা তেওঁৰ প্ৰতিমূৰ্তিস্থলীত এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ লগতে ইলোৰা বিজ্ঞান মঞ্চৰ উদ্যোগত অন্ধবিশ্বাস-কুসংস্কাৰ বিৰোধী দিৱস পালন কৰা হয়। এই সমগ্ৰ অনুষ্ঠানটিত আঁত ধৰে অসমীয়া প্ৰতিদিনৰ সহযোগী সম্পাদক প্ৰকাশ মহন্তই।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/10/a1530637-b2c1-47b0-a5d2-28270edfa2ce-2025-12-10-15-40-48.jpg)
ইয়াৰ পাছতে হেমচন্দ্ৰ বৰুৱাৰ প্ৰতিমূৰ্তিত বন্তি প্ৰজ্বলন আৰু পুষ্প বৃষ্টিৰে ভাষাৰ ওজা গৰাকীক মৃত্যু তিথিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে- সাদিন- প্ৰতিদিনৰ সঞ্চালক ঋষি বৰুৱা, গুৱাহাটী বিশ্ববিদ্যালয়ৰ সাংবাদিকতা আৰু গণসংযোগ বিভাগৰ মুৰব্বী চন্দন কুমাৰ গোস্বামীৰ লগতে ইলোৰা বিজ্ঞান মঞ্চৰ সভাপতি মনোৰঞ্জন শৰ্মা, সম্পাদক মনোজ ৰায়ৰ লগতে মঞ্চৰ বহুকেইগৰাকী বিষয়ববীয়াৰ লগতে অনুষ্ঠানটোত উপস্থিত থকা বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীসকলে।\
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/10/b69bec8c-5be4-4aac-b6e2-3da98cdfc4f9-2025-12-10-15-39-35.jpg)
প্ৰতিদিন টাইমৰ জইন্ট এডিটৰ শোণিত কুমাৰ ভূঞা, গুৱাহাটী বিশ্ববিদ্যালয়ৰ MILৰ মুৰব্বী অধ্যাপক দিলীপ বৰা, গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক প্ৰৱাল শৰ্মাকে ধৰি প্ৰায় অৰ্ধ শতাধিক লোকে অংশ লয় এই অনুষ্ঠানত।
অনুষ্ঠানটোত ইলোৰা বিজ্ঞান মঞ্চৰ সভাপতি মনোৰঞ্জন শৰ্মাই ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাৰ বিজ্ঞান মনষ্কতাৰ সন্দৰ্ভত বক্তব্য আগবঢ়ায়। লগতে ভাষাৰ ওজা গৰাকীৰ সাহিত্য কৃতিৰ লগতে সাদিন-প্ৰতিদিন গোষ্ঠীয়ে পালন কৰি অহা জাতীয় দায়িত্বৰ শলাগ লয়।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/10/8a222789-fff8-4eec-9314-c8e50658eefc-2025-12-10-15-41-01.jpg)
অনুষ্ঠানটো আঁত ধৰি বিশিষ্ট সাংবাদিক প্ৰকাশ মহন্তই ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাৰ বিজ্ঞান মনষ্কতাক ৰাজ্যৰ ভিন্ন প্ৰান্তলৈ বিয়পাই দিয়াত অগ্ৰণী ভূমিকা লোৱা ইলোৰা বিজ্ঞান মঞ্চৰ সকলোকে ধন্যবাদ জ্ঞাপন কৰে। গুৱাহাটী বিশ্ববিদ্যালয়ৰ MILৰ মুৰব্বী অধ্যাপক দিলীপ বৰাইও হেমচন্দ্ৰ বৰুৱাৰ এই চিন্তাধাৰাক গ্ৰামাঞ্চললৈ বিয়পাই দিয়াৰ বাবে পদক্ষেপ লোৱাৰ পোষকতা কৰে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/10/fff23a56-949d-454a-9f15-523f81b8faca-2025-12-10-15-43-09.jpg)
অনুষ্ঠানটো সুচাৰুৰূপে অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষ, ছাত্ৰ একতা সভাৰ লগতে বিশ্ববিদ্যালয়ৰ ছাত্ৰৱাসৰ শিক্ষাৰ্থীসকলৰে কৰাৰ সহযোগিতাৰ বাবে শলাগ লয় গুৱাহাটী বিশ্ববিদ্যালয়ৰ সাংবাদিকতা আৰু গণসংযোগ বিভাগৰ মুৰব্বী চন্দন কুমাৰ গোস্বামীয়ে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us