কলিয়াবৰ মহাবিদ্যালয়ত 'ভাষা গৌৰৱ' সপ্তাহৰ আনুষ্ঠানিক কাৰ্যসূচী উদযাপন

কলিয়াবৰ মহাবিদ্যালয়ত 'ভাষা গৌৰৱ' সপ্তাহৰ আনুষ্ঠানিক কাৰ্যসূচী উদযাপন

author-image
Asomiya Pratidin
New Update
কলিয়াবৰ মহাবিদ্যালয়ত 'ভাষা গৌৰৱ' সপ্তাহৰ আনুষ্ঠানিক কাৰ্যসূচী উদযাপন

ডিজিটেল সংবাদ, কলিয়াবৰ : অসম চৰকাৰৰ আহ্বানত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰৰ শিক্ষানুষ্ঠানৰ দৰেই কলিয়াবৰ মহাবিদ্যালয়তো ভাষা গৌৰৱ সপ্তাহৰ আনুষ্ঠানিক কাৰ্যসূচী সম্পন্ন হয়। মহাবিদ্যালয়খনৰ অসমীয়া বিভাগৰ উদ্যোগত আৰু আভ্যন্তৰীণ গুণগত মান নিশ্চিতকৰণ কোষ (IQAC)ৰ সহযোগত বুধবাৰে এই কাৰ্যসূচী সম্পন্ন কৰা হয়।

Advertisment

মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ উত্তম কুমাৰ বৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত উক্ত সভাখনিত মুখ্য বক্তা হিচাপে উপস্থিত থাকে দৰং মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক পূৰ্ণেশ্বৰ নাথ। নিজৰ ভাষণ প্ৰসংগত বক্তাগৰাকীয়ে অসমীয়া ভাষা, সাহিত্য, সংস্কৃতিৰ ক্ষেত্ৰত শিক্ষাৰ্থীসমাজৰ ভূমিকা সন্দৰ্ভত বিস্তৃত আলোকপাত কৰে।

ইয়াৰ পাছতেই ভাষা গৌৰৱ সপ্তাহ উপলক্ষে শিক্ষাৰ্থীসকলৰ মাজত আয়োজন কৰা 'চিঠি লিখা প্ৰতিযোগিতা'ৰ ফলাফলসমূহ ঘোষণা কৰাৰ লগতে বিজয়ীসকলক সম্বৰ্ধনাও জনোৱা হয়। সেই প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰে স্বস্তিকা গগৈয়ে, দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰে ক্ৰমে মৃন্ময় বৰা আৰু যুতিকা বৰাই। সেইদৰেই উক্ত প্ৰতিযোগিতাত উদগনিমূলক পুৰস্কাৰ লাভ কৰে পৰিস্মিতা বৰাই।

বঁটা বিতৰণৰ এই কাৰ্যসূচীৰ পিছতেই মহাবিদ্যালয়খনৰ ছাত্ৰী বিউটি হাজৰিকাই এটা কবিতা আবৃত্তি কৰে। ভাষা গৌৰৱ সপ্তাহৰ এই কাৰ্যসূচীৰ মাজতেই সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ সাধু 'সৰৱজান'ৰ নাট্যৰূপ দি মহাবিদ্যালয়খনৰ ছাত্ৰী ক্ৰমে বুলি বৰা, ৰিমঝিম হাজৰিকা, নমিতা দেৱী, পৰিস্মিতা বৰা, হিমাস্মিতা হাজৰিকা, তৃষ্ণা বৰা আৰু ৰশ্মিৰেখা দাসে একে নামেৰেই এখনি নাটকো প্ৰদৰ্শন কৰে।

মহাবিদ্যালয়খনৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপিকা ড° আৰতি বসুমতাৰী আৰু সহকাৰী অধ্যাপক ড° অখিল কুমাৰ বৰাই আঁত ধৰা অনুষ্ঠানটিত মহাবিদ্যালয়খনৰ উপাধ্যক্ষা ড° পম্পী বৰুৱা, আভ্যন্তৰীণ গুণগত মান নিশ্চিতকৰণ কোষ (IQAC)ৰ সমন্বয়ক ড° প্ৰদীপ মুছাহাৰী আৰু গ্ৰন্থাগাৰিক ড° বীৰেন্দৰ পালকে প্ৰমুখ্য কৰি বিভিন্ন বিভাগৰ অধ্যাপক-অধ্যাপিকাসকল, ছাত্ৰ-ছাত্ৰীসকল আৰু স্থানীয় সংবাদকৰ্মীসকল উপস্থিত থাকে।

Also Read: গঁড় নিধনৰ পৰিকল্পনা ! দলগাঁৱত অস্ত্ৰসহ ৪জন চোৰাং চিকাৰীক আটক

Kaliabor College