Advertisment

কেৱল নিলম্বন নহয়, ভাৰ্গৱ বৰবৰাক দৃষ্টান্তমূলক শাস্তি প্ৰদানৰ দাবী...

ভাৰ্গৱ বৰবৰাই কৰা অমানবীয় নিৰ্যাতনৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগ আৰু ৰাষ্ট্ৰীয় অনুসূচিত জাতি আয়োগত অভিযোগ দাখিল কৰিছে ৰাইজৰ দলৰ নেতা তথা সামাজিক ন্যায় কৰ্মী ভবেন সন্দিকৈয়ে ৷

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
ভাৰ্গৱ

ডিজিটেল সংবাদ,গুৱাহাটী:  শুকুৰবাৰে ‘ডেলিভাৰী এজেণ্ট’ ৰূপে কৰ্মৰত এজন নিৰিহ ছাত্ৰক পানবজাৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ভাৰ্গৱ বৰবৰাই কৰা অমানবীয় নিৰ্যাতনৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগ আৰু ৰাষ্ট্ৰীয় অনুসূচিত জাতি আয়োগত অভিযোগ দাখিল কৰিছে ৰাইজৰ দলৰ নেতা তথা সামাজিক ন্যায় কৰ্মী ভবেন সন্দিকৈয়ে ৷

Advertisment

শুকুৰবাৰে সংঘটিত নৃশংস ঘটনাৰ পাছত দোষী আৰক্ষী বিষয়াগৰাকীক দৃষ্টান্তমূলক শাস্তি দিয়াৰ দাবী উত্থাপণ কৰিছে সন্দিকৈয়ে ৷ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগত দাখিল কৰা অভিযোগ পত্ৰত তেওঁ উল্লেখ কৰে যে পানবজাৰ থানাৰ সদ্য নিলম্বিত অ’ চি ভাৰ্গৱ বৰবৰাই এজন ডেলিভাৰী বয়ক প্ৰহাৰ কৰা আৰু মৃত্যুৰ ভাবুকি দিয়াৰ ঘটনা চৰম অমানৱীয়ই নহয়, আৰক্ষী বাহিনীৰ আইন উলংঘাৰো এক জঘন্য আৰু মুকলি দৃষ্টান্ত ৷

ৰাজপথত মুকলিকৈ এজন যুৱকক মৃত্যুৰ ভাবুকি দি এইগৰাকী নৃশংস আৰক্ষী বিষয়াই আৰক্ষী বাহিনীৰ বিশ্বাসযোগ্যতাৰো স্খলন ঘটাইছে ৷ আৰক্ষীৰ এই নিৰ্যাতন সভ্য সমাজত কোনো কাৰণতে গ্রহণযোগ্য নহয় ৷ সেইবাবেই মানৱতাক লজ্জানত কৰা আৰক্ষী বিষয়া ভাৰ্গৱ বৰবৰাৰ বিৰুদ্ধে দৃষ্টান্তমূলক ব্যৱস্থা গ্ৰহণৰ দাবী জনাই ভবেন সন্দিকৈয়ে ৷

কেৱল সেয়াই নহয়,অনুসূচিত জাতিৰ এজন ছাত্ৰ তথা যুৱকৰ ওপৰত আৰক্ষী বিষয়াই চলোৱা নিৰ্যাতনৰ বিৰুদ্ধে The Scheduled Castes and the Scheduled Tribes (Prevention of Atrocities) Act, 1989 ৰ অধীনত ব্যৱস্থা গ্ৰহণৰ দাবীৰে ৰাষ্ট্ৰীয় অনুসূচিত জাতি আয়োগৰ ওচৰতো অভিযোগ দাখিল কৰিছে ৰাইজৰ দলৰ নেতাগৰাকীয়ে ৷

এক বিবৃতিত সন্দিকৈয়ে কয় যে, এজন আৰক্ষী বিষয়াৰ এই বৰ্বৰতা কোনো পৰিস্থিতিতে গ্ৰহণযোগ্য নহয় ৷ এনে নৃশংস, অমানৱীয় ঘটনাত জৰিত আৰক্ষী বিষয়াগৰাকীৰ নিলম্বনেই একমাত্ৰ শাস্তি হ’ব নোৱাৰে ৷ সেয়ে কঠোৰতকৈ কঠোৰতম শাস্তিৰ দাবী জনাই ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগ আৰু ৰাষ্ট্ৰীয় অনুসূচিত জাতি আয়োগৰ দ্বাৰস্থ হৈছে ৰাইজৰ দলৰ নেতাগৰাকী ৷

ভাৰ্গৱ বৰবৰা