ভাৰতীয় মজদুৰ সংঘৰ কামৰূপ জিলাৰ অধিবেশন সম্পন্ন

দক্ষিণ কামৰূপৰ মিৰ্জাস্থিত পলাশবাৰী সাহিত্য সভা ভৱনত ৰবিবাৰে ভাৰতীয় মজদুৰ সংঘৰ কামৰূপ গ্ৰাম্য জিলাৰ অধিবেশনখন অনুষ্ঠিত হয়।

author-image
Asomiya Pratidin
New Update
185

ডিজিটেল সংবাদ, পলাশবাৰী : দক্ষিণ কামৰূপৰ মিৰ্জাস্থিত পলাশবাৰী সাহিত্য সভা ভৱনত ৰবিবাৰে ভাৰতীয় মজদুৰ সংঘৰ কামৰূপ গ্ৰাম্য জিলাৰ অধিবেশনখন অনুষ্ঠিত হয়। অধিবেশনখনত ভাৰতীয় মজদুৰ সংঘ‌ অসম প্ৰদেশৰ সাধাৰণ সম্পাদক ভাস্কৰ দাস, উপ-সভাপতি অনুপম বৰগোহাঁই , সম্পাদক প্ৰদীপ কুমাৰ শৰ্মাকে ধৰি‌ ভালেকেইজন ব্যক্তি উপস্থিত থাকে।

সাধাৰণ সম্পাদক ভাস্কৰ দাসে ভাৰতীয় মজদুৰ সংঘৰ নীতি আদৰ্শৰ লগতে বেচৰকাৰী খণ্ডৰ শ্ৰমিকসকলৰ সমস্যাৰ ওপৰত তত্বগধুৰ ভাষণ দিয়ে । অধিবেশনখনত সদানন্দ দাসক সভাপতি,‌ পূৰ্বোত্তৰ সীমান্ত ৰে'লৱে কৰ্মচাৰী সংঘৰ ৰঙিয়া মণ্ডলৰ মণ্ডল সম্পাদক হেমন্ত ঠাকুৰীয়াক ভাৰতীয় মজদুৰ সংঘ‌ , কামৰূপ গ্ৰাম্য জিলাৰ সম্পাদক হিচাপে লৈ মুঠ ৩১ জনীয়া এখন সমিতি গঠন কৰা হয় ।

অধিবেশন